Author: Vijay Pathak | Last Updated: Sat 31 Aug 2024 7:43:26 PM
সনাতন ধৰ্মত ব্যক্তিৰ জন্মৰপৰা আৰম্ভ কৰি মৃত্যু পৰ্য্যন্ত 16 টা সংস্কাৰৰ কথা উল্লেখ কৰা হৈছে, ইয়াৰে পঞ্চম সংস্কাৰটো হৈছে নামকৰণ সংস্কাৰ। অন্য সংস্কাৰবোৰৰ দৰেই ইয়াৰো বিশেষ মহত্ব আছে। নামকৰণ সংস্কাৰত নামটোৱে কোৱাৰ দৰেই শিশুৰ নাম ৰখা হয়। এতিয়া প্ৰশ্ন আহে যে নামকৰণ সংস্কাৰ ইমান গুৰুত্বপূৰ্ণ কিয়? ইয়াৰ এটা স্পষ্ট উত্তৰ হৈছে যে ব্যক্তিৰ নামে তেওঁৰ ব্যক্তিত্ব, তেওঁৰ ভূত-ভৱিষ্যত-বৰ্তমানৰ ওপৰত গভীৰ প্ৰভাৱ পেলায় আৰু এই কাৰণবশতঃ নামকৰণ সংস্কাৰক অন্য সংস্কাৰৰ দৰেই যথেষ্ট গুৰুত্বপূৰ্ণ আৰু শুভ হিচাপে গণ্য কৰা হয়। জ্যোতিষ অনুসৰি তথ্য প্ৰদান কৰা হৈছে যে যদিহে কোনো সন্তানৰ নাম 2025 নামকৰণ মুহুৰ্তৰ সময়ত কৰা হয় তেনেহ’লে তেওঁৰ জীৱনত সফলতা, সমৃদ্ধি আৰু সুখ-শান্তি বৰ্ত্তি থাকে। আমাৰ এই বিশেষ প্ৰৱন্ধটোত আমি আপোনাক 2025 বৰ্ষৰ নামকৰণ মুহুৰ্তৰ সকলো তথ্য প্ৰদান কৰিম। লগতে জানিম নামকৰণ মুহুৰ্ত নো কি আৰু নামকৰণ মুহুৰ্তৰ সময়ত কি কি সাৱধানতা অৱলম্বন কৰিব লাগে।
Read in English: 2025 Namkaran Muhurat
শাস্তৰ অনুসৰি যেতিয়া কোনো শিশুৰ জন্ম হয় তেতিয়া জন্মৰ দহদিনৰ দিনা শুদ্ধিকৰণৰ বাবে যজ্ঞ কৰোৱা হয় আৰু ইয়াৰ পিছত নামকৰণ সংস্কাৰ কৰা হয়। বাৰৰ ক্ষেত্ৰত দেখা যায় যে সোমবাৰ, বৃহস্পতিবাৰ আৰু শুক্ৰবাৰক নামকৰণ সংস্কাৰৰ বাবে অত্যন্ত শুভ হিাপে গণ্য কৰা হয় কিন্তু অমাৱস্যা তিথি, চতুৰ্থী তিথি আৰু অষ্টমী তিথিৰ দিনা নামকৰণ কৰাটো শুভ নহয়।
हिंदी में पढ़े: 2025 नामकरण मुहूर्त
আয়ুৰ্বেদভিবৃদ্ধিশ্চ সিদ্ধিৰ্ব্যৱহতেস্তথা।
নামকৰ্মফলং ত্বেতত্ সমৃদ্ধিষ্টং মনীষিভিঃ।।
এই শ্লোকটোৰ অৰ্থ হৈছে যে নামৰ প্ৰভাৱ শিশুৰ ব্যক্তিত্বৰ ওপৰত বিশেষভাৱে পৰে। ব্যক্তিৰ নামেই তেওঁৰ অস্তিত্বৰ পৰিচয় হয়। ইয়াৰ উপৰিও নিজৰ নামৰপৰাই ব্যক্তিয়ে নিজৰ জীৱনৰ খ্যাতি প্ৰাপ্ত কৰে।
নামৰ মহত্ব আৰু নামকৰণ সংস্কাৰৰ মহত্ব জানিবৰ বাবে আহক আগবাঢ়ি যাওঁ আৰু বৰ্ষ 2025 ত পৰিবলগীয়া 2025 নামকৰণ মুহুৰ্ত তথ্যসমূহৰ বিষয়ে অৱগত হওঁ।
পৃথিৱীৰ বিদ্বান জ্যোতিষীসকলৰ সৈতে ফোনত কথা পাতক আৰু কেৰিয়াৰ সম্পৰ্কীয় কলো তথ্য প্ৰাপ্ত কৰক
|
জানুৱাৰী 2025 ৰ নামকৰণ মুহুৰ্তৰ সূচী |
|
|
দিন |
সময় |
|
1 জানুৱাৰী 2025 |
08:40-10:22 11:50-16:46 |
|
2 জানুৱাৰী 2025 |
08:36-10:18 11:46-16:42 |
|
6 জানুৱাৰী 2025 |
08:20-12:55 14:30-16:26 |
|
15 জানুৱাৰী 2025 |
07:46-12:20 |
|
31 জানুৱাৰী 2025 |
08:24-09:52 11:17-17:02 |
|
ফেব্ৰুৱাৰী 2025 ৰ নামকৰণ মুহুৰ্তৰ সূচী |
|
|
দিন |
সময় |
|
7 ফেব্ৰুৱাৰী 2025 |
09:24-14:20 |
|
10 ফেব্ৰুৱাৰী 2025 |
07:45-09:13 10:38-16:23 |
|
17 ফেব্ৰুৱাৰী 2025 |
08:45-13:41 15:55-18:16 |
|
মাৰ্চ 2025 ৰ নামকৰণ মুহুৰ্তৰ সূচী |
|
|
দিন |
সময় |
|
6 মাৰ্চ 2025 |
07:38-12:34 |
|
14 মাৰ্চ 2025 |
14:17-16:37 |
|
24 মাৰ্চ 2025 |
07:52-09:28 13:38-17:14 |
|
26 মাৰ্চ 2025 |
07:45-11:15 13:30-18:08 |
|
31 মাৰ্চ 2025 |
07:25-09:00 10:56-15:31 |
|
এপ্ৰিল 2025 ৰ নামকৰণ মুহুৰ্তৰ সূচী |
|
|
দিন |
সময় |
|
2 এপ্ৰিল 2025 |
13:02-17:40 |
|
10 এপ্ৰিল 2025 |
14:51-17:09 |
|
14 এপ্ৰিল 2025 |
08:05-12:15 14:36-16:53 |
|
24 এপ্ৰিল 2025 |
07:26-11:36 |
|
25 এপ্ৰিল 2025 |
11:32-13:52 |
|
30 এপ্ৰিল 2025 |
07:02-08:58 11:12-15:50 |
|
মে’ 2025 ৰ নামকৰণ মুহুৰ্তৰ সূচী |
|
|
দিন |
সময় |
|
1 মে’ 2025 |
13:29-15:46 |
|
8 মে’ 2025 |
13:01-17:35 |
|
9 মে’ 2025 |
10:37-17:31 |
|
14 মে’ 2025 |
08:03-12:38 |
|
23 মে’ 2025 |
07:27-12:02 14:20-16:32 |
|
28 মে’ 2025 |
09:22-16:16 |
|
জুন 2025 ৰ নামকৰণ মুহুৰ্তৰ সূচী |
|
|
দিন |
সময় |
|
5 জুন 2025 |
08:51-15:45 |
|
6 জুন 2025 |
08:47-15:41 |
|
16 জুন 2025 |
08:08-17:21 |
|
20 জুন 2025 |
12:29-17:05 |
|
26 জুন 2025 |
14:22-16:42 |
|
27 জুন 2025 |
07:51-09:45 12:02-16:38 |
|
জুলাই 2025 ৰ নামকৰণ মুহুৰ্তৰ সূচী |
|
|
দিন |
সময় |
|
2 জুলাই 2025 |
07:05-13:59 |
|
7 জুলাই 2025 |
06:45-09:05 11:23-18:17 |
|
11 জুলাই 2025 |
06:29-11:07 15:43-18:01 |
|
17 জুলাই 2025 |
10:43-17:38 |
|
21 জুলাই 2025 |
08:10-12:44 15:03-17:22 |
|
31 জুলাই 2025 |
07:31-14:24 |
|
আগষ্ট 2025 ৰ নামকৰণ মুহুৰ্তৰ সূচী |
|
|
দিন |
সময় |
|
4 আগষ্ট 2025 |
09:33-11:49 |
|
11 আগষ্ট 2025 |
06:48-13:41 |
|
13 আগষ্ট 2025 |
08:57-15:52 |
|
20 আগষ্ট 2025 |
08:30-13:05 |
|
25 আগষ্ট 2025 |
12:46-17:08 |
|
28 আগষ্ট 2025 |
07:58-12:34 14:53-16:57 |
|
ছেপ্তেম্বৰ 2025 ৰ নামকৰণ মুহুৰ্তৰ সূচী |
|
|
দিন |
সময় |
|
4 ছেপ্তেম্বৰ 2025 |
07:31-09:47 12:06-16:29 |
|
5 ছেপ্তেম্বৰ 2025 |
07:27-09:43 12:03-16:15 |
|
অক্টোবৰ 2025 ৰ নামকৰণ মুহুৰ্তৰ সূচী |
|
|
দিন |
সময় |
|
2 অক্টোবৰ 2025 |
10:16-16:21 |
|
24 অক্টোবৰ 2025 |
07:10-11:08 13:12-16:22 |
|
29 অক্টোবৰ 2025 |
08:30-10:49 |
|
31 অক্টোবৰ 2025 |
10:41-15:55 |
|
নৱেম্বৰ 2025 ৰ নামকৰণ মুহুৰ্তৰ সূচী |
|
|
দিন |
সময় |
|
3 নৱেম্বৰ 2025 |
08:11-10:29 12:33-16:10 |
|
7 নৱেম্বৰ 2025 |
07:55-14:00 15:27-16:52 |
|
27 নৱেম্বৰ 2025 |
07:24-12:41 14:08-17:09 |
|
ডিচেম্বৰ 2025 ৰ নামকৰণ মুহুৰ্তৰ সূচী |
|
|
দিন |
সময় |
|
5 ডিচেম্বৰ 2025 |
08:37-12:10 13:37-16:37 |
|
15 ডিচেম্বৰ 2025 |
08:33-12:58 14:23-17:53 |
|
22 ডিচেম্বৰ 2025 |
07:41-09:20 12:30-17:10 |
|
24 ডিচেম্বৰ 2025 |
13:47-16:31 |
|
25 ডিচেম্বৰ 2025 |
07:43-12:18 13:43-15:19 |
|
29 ডিচেম্বৰ 2025 |
12:03-15:03 |
আপুনি এই কথা জানে নে যে শাস্ত্ৰ অনুসৰি বৈদিক কালত চাৰি প্ৰকাৰৰ নামৰ প্ৰচলনৰ কথা উল্লেখ আছে য’ত প্ৰথমে আহে 'নক্ষত্ৰ নাম' ইয়াত শিশুৰ নাম শিশুটিৰ জন্ম নক্ষত্ৰৰ আধাৰত ৰখা হয়। দ্বিতীয়টো হৈছে 'গুপ্ত নাম' এই নাম জাত কৰ্মৰ সময়ত শিশুটিৰ পিতৃ-মাতৃৰদ্বাৰা ৰখা হয়। তৃতীয়টো হৈছে 'ব্যৱহাৰিক নাম' এই নাম নামকৰণ সংস্কাৰৰ সময়ত ৰখা হয়। চতুৰ্থটো হৈছে 'যাজ্ঞিক নাম' এই নাম যজ্ঞ কৰ্ম বিশেষৰ সম্পাদনৰ আধাৰত ৰখা হয়।
নামকৰণ সংস্কাৰ শিশুৰ জন্মৰ 10 দিন পিছত কৰা হয়। কোৱা হয় যে শিশুৰ জন্মৰপৰাই সুতক আৰম্ভ হৈ যায়। অৱশ্যে ইয়াৰ অৱধি ভিন ভিন হয় যেনে পৰাশৰ স্মৃতি অনুসৰি ক’ব পাৰি যে ব্ৰাহ্মণ বৰ্ণত সুতক 10 দিনলৈ পালন কৰা হয়, ক্ষত্ৰিয়সকলৰ মাজত এয়া 12 দিনলৈকে থাকে, বৈশ্যসকলৰ মাজত 15 দিন আৰু শুদ্ৰসকলৰ মাজত এই সুতক এমাহলৈকে পালন কৰা হয়। অৱশ্যে আজিৰ সময়ত আমি দেখা পাওঁ যে বৰ্ণ ব্যৱস্থা অপ্ৰাসংগিক হৈ পৰিছে আৰু এনে পৰিস্থিতিত 11 দিনৰ পিছত নামকৰণ সংস্কাৰ কৰা হয়। ইয়াৰ সৈতে সম্বন্ধিতও এটা শ্লোক আছে:
“দশম্যামুত্থাপ্য পিতা নাম কৰোতি”।
যাৰ অৰ্থ হৈছে নামকৰণ সংস্কাৰ শিশুৰ জন্মৰ দশম দিনৰ দিনা সম্পন্ন কৰা হয়। এই সংস্কাৰ শিশুৰ জন্মৰ দশম দিনৰ দিনাখন কৰা হয়। এই সংস্কাৰ পিতৃৰদ্বাৰা সম্পন্ন কৰা হয়।
আপোনাৰ সোঁৱৰণিত আছে নে শুভ যোগ? জানিবৰ বাবে এতিয়াই ক্ৰয় কৰক বৃহৎ কুণ্ডলী
নামকৰণ সংস্কাৰৰ অৰ্থ বুজিব বিচাৰে যদিহে এই শ্লোকটো যথেষ্ট সঠিক:
আয়ুৰ্বেদভিবৃদ্ধিশ্চ সিদ্ধিৰ্ব্যৱহতেস্তথা।
নামকৰ্মফলং ত্বেতত্ সমৃদ্ধিষ্টং মনীষিভিঃ।।
এই শ্লোক অনুসৰি নামকৰণ সংস্কাৰৰ মহত্ব অৱগত কৰি কোৱা হৈছে যে নামকৰণ সংস্কাৰৰ প্ৰভাৱ শিশুৰ ব্যক্তিত্বৰ ওপৰত নিশ্তিতভাৱে পৰে। নামৰপৰাই শিশুৰ বা কোনো ব্যক্তিৰ অস্তিত্বৰ পৰিচয় পোৱা যায়। ভৱিষ্যতে শিশুৱে নিজৰ নাম, নিজৰ আচৰণ আৰু নিজৰ কৰ্মৰদ্বাৰাই প্ৰসিদ্ধি লাভ কৰে। নামৰদ্বাৰাই তেওঁৰ পৰিচয় পোৱা যায়। নামকৰণ সংস্কাৰৰ ফলত শিশুৰ আয়ুস আৰু শক্তি বৃদ্ধি হয়।
মনত ৰাখিবলগীয়া কথা: শিশুৰ নামৰ অৰ্থই তেওঁৰ চৰিত্ৰক নিশ্চিতভাৱে প্ৰভাৱিত কৰে। এনে পৰিস্থিতিত যদিহে শিশুৰ নাম তেওঁৰ গ্ৰহৰ স্থিতিৰ সৈতে মিল নাখায় তেতিয়া শিশুটিৰ বাবে দুৰ্ভাগ্য অহাৰ সম্ভাৱনা থাকে সেয়েহে যথেষ্ট ভাবি-চিন্তি শিশুৰ নাম বাছনি কৰিব লাগে। যদিহে আপুনি নিজৰ সন্তানৰ নামকৰণ সংস্কাৰৰ বাবে উচিত অক্ষৰ জানিব বিচাৰে তেনেহ’লে এতিয়াই বিদ্বান পণ্ডিতৰপৰা ফোনযোগে পৰামৰ্শ গ্ৰহণ কৰক।
সন্তানৰ কেৰিয়াৰক লৈ হৈ আছে টেনশ্যন! এতিাই অৰ্ডাৰ কৰক কগ্নিএষ্ট্ৰো প্ৰতিৱেদন
পাওক আপোনাক সোঁৱৰণি আধাৰিত সঠিক শনি প্ৰতিৱেদন
আমি আশা ৰাখিছোঁ যে আপুনি আমাৰ এই প্ৰৱন্ধটো নিশ্চয় ভাল পাইছে। এনেকুৱা ধৰণৰ আৰু অধিক প্ৰৱন্ধৰ বাবে এষ্ট্ৰোকেম্পৰ সৈতে সংযুক্ত হৈ থাকক। ধন্যবাদ
1. 2025 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ কোনকেইটা তাৰিখ নামকৰণ সংস্কাৰৰ বাবে উপযুক্ত?
2025 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 7, 10, 17 তাৰিখ নামকৰণ সংস্কাৰৰ বাবে উপযুক্ত।
2. নামকৰণ সংস্কাৰ শিশুৰ জন্মৰ কিমান দিন পিছত কৰিব লাগে?
বৰ্তমান সময়ত শিশুৰ জন্মৰ এঘাৰদিন পিছত নামকৰণ সংস্কাৰ কৰা হয়।
3. নামকৰণ সংস্কাৰ ঘৰত কৰিব পৰা যায় নে?
নামকৰণ সংস্কাৰ ঘৰত কৰাটোকেই আটাইতকৈ উচিত বুলি গণ্য কৰা হয়।
4. নামকৰণ সংস্কাৰৰ বাবে কোনকেইটা বাৰ শুভ?
নামকৰণ সংস্কাৰৰ বাবে বুধবাৰ, বৃহস্পতিবাৰ আৰু শুক্ৰবাৰক শুভ বুলি গণ্য কৰা হয়।