• Talk To Astrologers
  • Brihat Horoscope
  • Ask A Question
  • Child Report 2022
  • Raj Yoga Report
  • Career Counseling
Personalized
Horoscope

মীন ৰাশিৰ ৰাশিফল 2023: Meen Rashir Rashifal 2023

Author: Vijay Pathak | Last Updated: Tue 10 Jan 2023 5:26:34 PM

এষ্ট্ৰোকেম্পৰদ্বাৰা প্ৰস্তুত কৰা মীন ৰাশিৰ ৰাশিফল 2023 (Meen Rashir Rashifal 2023) হৈছে এক বিশেষ প্ৰবন্ধ যিয়ে 2023 চনত মীন ৰাশিৰ জাতকসকলৰ বাবে সকলোবোৰ গুৰুত্বপূৰ্ণ ভৱিষ্যতবাণী প্ৰদান কৰিব। যদি আপোনাৰ প্ৰেম জীৱন, কেৰিয়াৰ, স্বাস্থ্য আদি সম্পৰ্কে আপোনাৰ কোনো বিভ্ৰান্তি আছে তেনেহ’লে মীন ৰাশিফল 2023-ৰ ওপৰত প্ৰস্তুত কৰা এই প্ৰবন্ধটোৱে আপোনাক এই সম্পৰ্কে স্পষ্ট হোৱাত সহায় কৰিব। গতিকে সকলো তথ্য সংগ্ৰহ কৰিবৰ বাবে শেষলৈকে পঢ়ক!

মীন ৰাশিৰ ৰাশিফল 2023 (Meen Rashir Rashifal 2023) অনুসৰি এই বছৰ মীন ৰাশিৰ জাতকসকলে মিশ্ৰিত ফলাফল লাভ কৰিব কিয়নো এপ্ৰিল মাহত আপোনাৰ দ্বিতীয় গৃহত বৃহস্পতি গ্ৰহৰ পৰিবহনৰদ্বাৰা আপোনাৰ দ্বিতীয় গৃহ(মেষ ৰাশি) আৰু ষষ্ঠ গৃহ(সিংহ ৰাশি) সক্ৰিয় হৈ উঠিব। গতিকে যদিহে আপুনি ঐতিহ্যমূলক সম্পত্তি বা আন কোনো বিষয়ৰ সৈতে সম্পৰ্কিত পাৰিবাৰিক সংঘাতৰ মাজেৰে পাৰ হৈ আছে তেনেহ'লে আপোনাৰ পক্ষত সমাধান লাভ কৰিব পাৰে আৰু আপুনি ইয়াৰ দ্বাৰা লাভান্বিত হ'ব পাৰে।

শনি অৱশেষত আপোনাৰ প্ৰথম গৃহৰপৰা দ্বাদশ গৃহত স্থিত হ'ব আৰু অক্টোবৰ মাহৰ শেষত ৰাহুও আপোনাৰ ৰাশিত প্ৰৱেশ কৰিব। ইয়াৰ ফলত আপুনি পছন্দ নকৰা কিছুমান পৰিৱৰ্তনৰ সন্মুখীন হ'ব কিন্তু আপোনাক সময়ৰ সৈতে পৰিৱৰ্তন হ'বলৈ আৰু নতুন চিন্তা প্ৰক্ৰিয়া অনুকূলিত কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

মীন ৰাশিৰ ৰাশিফল 2023 (Meen Rashir Rashifal 2023) -ৰ মতে এই বছৰ আপুনি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰতো সচেতন হোৱাৰ প্ৰয়োজন। দ্বিতীয় গৃহত বৃহস্পতিৰ স্থানে দেখুৱায় যে আপোনাৰ অত্যাধিক তেলযুক্ত আৰু মিঠা খাদ্য খোৱাৰ অভ্যাস গঢ় লৈ উঠিব পাৰে যাৰ ফলত মেদবহুলতা, ওজন বৃদ্ধি, হজমৰ সমস্যা, যকৃতৰ সমস্যা আদিৰ দৰে সমস্যা সৃষ্টি হ'ব পাৰে।

আপোনাৰ প্ৰেম আৰু বিবাহিত জীৱনৰ ক্ষেত্ৰত নৱবিবাহিত লোকসকলে এই বছৰ তেওঁলোকৰ পাৰিবাৰিক জীৱনত কিছু চাপৰ সন্মুখীন হ'ব পাৰে, বিশেষকৈ অক্টোবৰ মাহৰ পিছত কিছু ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে। গতিকে আপোনাৰ ক্ৰোধ হ্ৰাস কৰক আৰু ভাবি-চিন্তি কাম কৰক।

মীন ৰাশিৰ ৰাশিফল 2023 (Meen Rashir Rashifal 2023) -য়ে প্ৰকাশ কৰে যে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা মীন ৰাশিৰ শিক্ষাৰ্থীসকলে সফলতা সাভ কৰাৰ যথেষ্ট সম্ভাৱন আছে। কিন্তু শিক্ষাৰ্থীসকলে এই সময়ত মনোনিৱেশ কৰি থাকিবলৈ অধিক পৰিশ্ৰম কৰিব লাগিব কিয়নো আৱেগিক স্তৰৰ বিভ্ৰান্তিয়ে তেওঁলোকক লক্ষ্যৰ পৰা বিচলিত কৰিব পাৰে আৰু আঁতৰাই আনিব পাৰে।

সাধাৰণতে, আপোনাক ধ্যান কৰিবলৈ আৰু শিৱলিংগত দৈনিক গাখীৰ আগবঢ়োৱাৰ পৰামৰ্শ দিয়া হৈছে।

हिंदी मैं पढ़ने के लिए यहाँ क्लिक करें: मीन 2023 राशिफल

ভৱিষ্যতৰ সকলো মূল্যৱান অন্তৰ্দৃষ্টিৰ বাবে এষ্ট্ৰোচেজ বৃহ ৰাশিফল

মীন 2023 ৰাশিফল: আৰ্থিক জীৱন

মীন ৰাশিৰ ৰাশিফল 2023 (Meen Rashir Rashifal 2023) -য়ে ভৱিষ্যতবাণী কৰিছে যে আৰ্থিক জীৱনৰ ক্ষেত্ৰত আপুনি মুক্তহস্তে ব্যয় কৰাটো পৰিহাৰ কৰিব লাগিব অন্যথা ভৱিষ্যতে আপুনি ভুগিবলগীয়া হ'ব পাৰে। ইয়াৰ কাৰণ হৈছে এই বছৰ আপোনাৰ সঞ্চয়ৰ দ্বিতীয় গৃহ আৰু ঋণ আৰু বিবাদৰ ষষ্ঠ গৃহ এপ্ৰিল মাহত সক্ৰিয় হৈ আছে, আপোনাৰ লগ্ন প্ৰভু বৃহস্পতি (22 এপ্ৰিল) আপোনাৰ দ্বিতীয় গৃহত প্ৰৱেশ কৰিছে আৰু শনিয়ে ইতিমধ্যে ইয়াক প্ৰভাৱিত আছে। আৰু আপোনাৰ একাদশ প্ৰভূ শনিও আপোনাৰ লোকচান আৰু ব্যয়ৰ দ্বাদশ গৃহত পৰিবহন কৰি আছে। ভ্ৰম, দুখ, আৰু প্ৰৱঞ্চনাৰ কাৰক গ্ৰহ ৰাহুও আপোনাৰ দ্বিতীয় গৃহত স্থিত হ'ব। গতিকে এই সকলোবোৰ সংমিশ্ৰণৰ সৈতে আমি ক'ব পাৰোঁ যে বৃহস্পতি গ্ৰহৰ পৰিবহনৰদ্বাৰা আপোনাৰ সঞ্চয় আৰু ধনৰ স্তৰ নিশ্চিতভাৱে বৃদ্ধি হ'ব কিন্তু ই বিবাদ, প্ৰৱঞ্চনা আৰু লোকচানো লগত লৈ আনিব পাৰে। গতিকে আপুনি সচেতন হ'ব লাগিব।

যদি আপুনি কোনো সম্পত্তি বিষয়ক বিবাদৰ সন্মুখীন হৈছে তেন্তে ইয়াৰ সমাপ্তি ঘটিব পাৰে। আৰু যদিহে আপুনি ধনৰ ক্ষেত্ৰত বৈদেশিক ভূমিৰ সৈতে লেনদেন কৰি আছে তেনেহ'লে আপুনি আপোনাৰ ফালৰপৰা কাগজৰ কামৰ ক্ষেত্ৰত দুগুণ নিশ্চিত আৰু সাজু হ'ব লাগিব, অন্যথা অজ্ঞতাৰ ফলত বিত্তীয় বিষয়ত লোকচান বা বিলম্ব হ'ব পাৰে।

ৰাজ-যোগৰ সময় জানিবৰ বাবে- এতিয়াই অৰ্ডাৰ কৰক: ৰাজ যোগ প্ৰতিৱেদন

মীন 2023 ৰাশিফল: স্বাস্থ্য

মীন ৰাশিৰ ৰাশিফল 2023 (Meen Rashir Rashifal 2023) -ৰ ভৱিষ্যতবাণী অনুসৰি এই বছৰ আপুনি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত অধিক সচেতন হোৱা প্ৰয়োজন। দ্বিতীয় গৃহত বৃহস্পতিৰ স্থানে দেখুৱায় যে আপোনাৰ অত্যাধিক তেলযুক্ত আৰু মিঠা খাদ্য খোৱাৰ অভ্যাস গঢ় লৈ উঠিব পাৰে যাৰ ফলত মেদবহুলতা, ওজন বৃদ্ধি, হজমৰ সমস্যা, যকৃতৰ সমস্যা আদিৰ দৰে সমস্যা হ'ব পাৰে কিয়নো আপোনাৰ ষষ্ঠ গৃহ (সিংহ ৰাশি) সক্ৰিয় হৈ আছে। সেয়েহে অস্বাস্থ্যকৰ খাদ্য আৰু পানীয় সেৱন নকৰিব, নিয়মীয়া ব্যায়াম কৰিব আৰু পৰিস্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিব, আৰু সুৰক্ষিতভাৱে গাড়ী চলাব।

সামগ্ৰিকভাৱে আপুনি নিজৰ সকলোবোৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰোৱা উচিত। অন্যথা আপুনি এই সময়ছোৱাত সাৱধান আৰু পৰিশ্ৰমী নহ'লে আনকি কঠিন আৰু অপ্ৰীতিকৰ চিকিৎসা কৰিবলগীয়া হ'ব পাৰে। এটা ভুল পদক্ষেপে আপোনাক গুৰুতৰভাৱে প্ৰভাৱিত কৰিব পাৰে। সেয়েহে অত্যাধিক আত্মবিশ্বাসী নহ'ব আৰু আপোনাৰ স্বাস্থ্যক গুৰুত্ব সহকাৰে ল'ব। দুঃসাহসিক যাত্ৰাবোৰে অপেক্ষা কৰিব পাৰিব; কিন্তু সকলোতকৈ আগত আহে স্বাস্থ্য।

মীন 2023 ৰাশিফল: কেৰিয়াৰ

মীন ৰাশিৰ লোকসকলৰ বাবে, মীন ৰাশিৰ ৰাশিফল 2023 (Meen Rashir Rashifal 2023) অনুসৰি কেৰিয়াৰৰ ক্ষেত্ৰত 2023 বৰ্ষটো আশাবাদী হ'ব বুলি আশা কৰা হৈছে। আপুনি নিঃসন্দেহে এক ভাগ্যৱান সময় কটাব পাৰিব। আপোনাৰ পদোন্নতি আৰু দৰমহা বৃদ্ধি হ'ব পাৰে যদি আপুনি পাবলগীয়া হৈ আছে কিয়নো আপোনাৰ দশম প্ৰভু আৰু লগ্ন প্ৰভু বৃহস্পতি সঞ্চয়ৰ দ্বিতীয় গৃহত প্ৰৱেশ কৰি আছে আৰু ই নিশ্চিতভাৱে আপোনাৰ সঞ্চয় সম্প্ৰসাৰিত কৰিব।

যদি আপুনি যিকোনো এমএনচি বা বিদেশী কোম্পানীৰ বাবে কাম কৰি আছে আপুনি ইয়াৰ বাবে লাভালাভ প্ৰাপ্ত কৰাৰ আশা কৰিব পাৰে কিয়নো বিদেশী উপাদানৰ কাৰক গ্ৰহ ৰাহু আপোনাৰ দ্বিতীয় গৃহত অৱস্থিত আছে আৰু আপোনাৰ একাদশ প্ৰভূ শনিও আপোনাৰ বৈদেশিক ভূমিৰ দ্বাদশ গৃহত প্ৰৱেশ কৰিছে। লগতে এই বছৰ কামৰ বাবে আপুনি বিদেশ ভ্ৰমণলৈ যাবলগীয়া হোৱাৰ সম্ভাৱনা আছে।

মীন ৰাশিৰ ৰাশিফল 2023 (Meen Rashir Rashifal 2023) -ৰ মতে মীন ৰাশিৰ ব্যৱসায়ৰ মালিকসকলৰ বাবে এইটো এটা মধ্যমীয়া বছৰ। আপুনি কোনো বিপদাশংকা নোলোৱা উচিত কিয়নো এইটো তাৰ বাবে উপযুক্ত সময় নহয়। আপুনি কেৱল নিজে গঢ়ি তোলা স্থিতি আৰু সদিচ্ছা বজাই ৰাখিবলৈ চেষ্টা কৰা উচিত আৰু লাহে লাহে আপোনাৰ ব্যৱসায় বৃদ্ধি হ'ব আৰু আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল উপভোগ কৰিব।

আপোনাৰ সকলোবোৰ প্ৰশ্নৰ উত্ত লাভ কৰক: এগৰাকী বিদ্বান জ্যোতিষীক প্ৰশ্ন সোধক

মীন 2023 ৰাশিফল: শিক্ষা

মীন ৰাশিৰ ৰাশিফল 2023 (Meen Rashir Rashifal 2023) -য়ে কৈছে যে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা মীন ৰাশিৰ শিক্ষাৰ্থীসকলৰ ইয়াত সফলতা লাভ কৰা ভাল সুযোগ আছে কিন্তু শিক্ষাৰ্থীসকলে এই সময়ছোৱাত অধ্যয়নত মনোনিৱেশ কৰি থাকিবলৈ অধিক পৰিশ্ৰম কৰিব লাগিব। ইয়াৰ কাৰণ হৈছে এক আৱেগিক স্তৰত বিভ্ৰান্তি আৰু ব্যাঘাতৰ সম্ভাৱনা আছে যি তেওঁলোকক নিজ লক্ষ্যৰ পৰা বিচলিত কৰিব পাৰে। গতিকে শিক্ষাৰ প্ৰতি কম আগ্ৰহ থকা লোকসকলৰ সংগৰদ্বাৰা বিচলিত হোৱাটো পৰিহাৰ কৰক। এটা পচা বিলাহীয়ে খৰাহীত থকা আন ভাল বিলাহীবোৰ নষ্ট কৰি পেলাব পাৰে।

একেদৰে এই সময়ছোৱাত আপুনি অত্যন্ত অনুপ্ৰেৰিত হোৱাৰ লগতে মনোনিৱেশ কৰিব লাগিব। আপোনাৰ চৌপাশে একে ধৰণৰ আগ্ৰহ থকা লোকসকলে আৱৰি থাকিলে এনে হোৱাটো সম্ভৱ। কিন্তু এটা কথা ঠিক, অকলশৰীয়া হৈ সংগ্ৰাম নকৰিব। অধ্যয়ন কৰোঁতে আপুনি সন্মুখীন হোৱা বাধা আৰু সমস্যাবোৰৰ বিষয়ে আপোনাৰ পিতৃ-মাতৃক অৱগত কৰি থাকিব। যদি আপুনি সমাধান এটাত উপনীত হ'বলৈ আৰু আপোনাৰ প্ৰদৰ্শন উন্নত কৰিবলৈ অসমৰ্থ হয় তেন্তে আপুনি আপোনাৰ জ্যেষ্ঠজন, পৰামৰ্শদাতা আৰু শিক্ষকসকলৰপৰাও নিৰ্দেশনা বিচাৰিব পাৰে।

মীন 2023 ৰাশিফল: পাৰিবাৰিক জীৱন

পাৰিবাৰিক জীৱনৰ বাবে মীন ৰাশিৰ ৰাশিফল 2023 (Meen Rashir Rashifal 2023) -ৰ ভৱিষ্যতবাণীত কোৱা হৈছে যে 2023 বৰ্ষটো ভাল হ'ব কিয়নো আপোনাৰ ঘৰুৱা জীৱন আৰু সুখৰ চতুৰ্থ গৃহৰ ওপৰত কোনো অশুভ প্ৰভাৱ নাই। অৱশ্যে আপোনাৰ দ্বিতীয় গৃহটো (মেষ ৰাশি) বৃহস্পতিৰ পৰিবহন আৰু শনিৰ প্ৰভাৱৰদ্বাৰা সক্ৰিয় হ'ব। গতিকে আমি ক'ব পাৰোঁ যে পৰিয়ালটোৰ সম্প্ৰসাৰণ ঘটিব পাৰে। বিবাহ বা সন্তান জন্মৰ জৰিয়তে এগৰাকী নতুন সদস্যৰ আপোনাৰ পৰিয়াললৈ আগমন ঘটিব পাৰে। আৰু আপোনাৰ পৰিয়ালৰ সদস্য, আত্মীয় আৰু বন্ধু-বৰ্গই আপোনাক সাক্ষাৎ কৰিব আৰু পৰিয়ালটোত এক সুখী পৰিৱেশ বিৰাজমান হৈ থাকিব।

ৰাহুও আপোনাৰ দ্বিতীয় গৃহত উপস্থিত আছে। গতিকে আপুনি কি কথা কয় তাৰ প্ৰতি আপুনি সচেতন হৈ থকাটো প্ৰয়োজন। পৰিয়ালৰ মাজত ভুল বুজাবুজিৰ সম্ভাৱনা আছে যি পৰিয়ালত বিবাদ আৰু সংঘাতৰ সৃষ্টি কৰিব পাৰে কিয়নো আপোনাৰ ষষ্ঠ গৃহ (সিংহ ৰাশি) সক্ৰিয় হৈছে। গতিকে এইক্ষেত্ৰত সাৱধান হৈ থাকিবলৈ চেষ্টা কৰক। আৰু লগতে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত সতৰ্ক হওক অন্যথা বেয়া স্বাস্থ্যই আপোনাৰ বাবে ভাল পৰিস্থিতিবোৰ নষ্ট কৰিব পাৰে।

বিনামূলীয়া অনলাইন জন্ম ৰাশিফল

মীন 2023 ৰাশিফল: দাম্পত্য জীৱন

মীন ৰাশিৰ ৰাশিফল 2023 (Meen Rashir Rashifal 2023) -য়ে প্ৰকাশ কৰিছে যে এই ৰাশিৰ নৱবিবাহিত লোকসকলে এই বছৰ তেওঁলোকৰ দাম্পত্য জীৱনত কিছু চাপৰ সন্মুখীন হ'ব পাৰে, বিশেষকৈ অক্টোবৰ মাহৰ পিছত যেতিয়া ৰাহু-কেতু গ্ৰহ আপোনাৰ 1/7 অক্ষত স্থিত হ'ব। কিছুমান ভুল বুজাবুজি হ'ব পাৰে, সেয়েহে আপোনাৰ ক্ৰোধ হ্ৰাস কৰক আৰু ভাবি-চিন্তি কাম কৰক। এনে সম্ভাৱনা আছে যে আত্ম-আসক্তিৰ বাবে আপুনি আপোনাৰ সঙ্গীক উপেক্ষা বা অসন্মান কৰিব পাৰে, যাৰ ফলত আপোনাৰ দুয়োৰে মাজত সংঘৰ্ষ সৃষ্টি হ'ব পাৰে। গতিকে এই সময়ছোৱাত আপুনি নিজৰ সম্পৰ্কক সমানে অগ্ৰাধিকাৰ দিয়া উচিত।

মীন ৰাশিৰ ৰাশিফল 2023 (Meen Rashir Rashifal 2023) অনুসৰি এই সময়ছোৱাত আপুনি শান্ত হৈ থকা আৰু ইজনে সিজনৰ প্ৰতি ধৈৰ্য্য শীল হোৱাটো সৰ্বোত্তম হ'ব। তেওঁলোকৰ চিন্তাসমূহ বুজিবলৈ চেষ্টা কৰক আৰু সৰু ভুলবোৰক বেছু গুৰুত্ব নিদিব। যদি আপুনি সেই সময়ত তেওঁলোকক আঙুলিয়াই দিয়ে তেতিয়া তেওঁলোকে বেয়া পাব পাৰে আৰু ইয়াৰ বাবে বিচলিত হ'ব পাৰে। কিন্তু আনহাতে যদি আপুনি এইবোৰ উপেক্ষা কৰে বা পৰিস্থিতিবোৰ ধৈৰ্য্যসহকাৰে চম্ভালি লয়, তেওঁলোকে নিজ কাৰ্যৰ বিষয়ে উপলব্ধি কৰিব পাৰিব আৰু পৰৱৰ্তী সময়ত ইয়াৰ দায়িত্ব ল'ব পাৰিব। আপোনাৰ জীৱন সংগীৰ প্ৰতি অধিক যত্নশীল আৰু সহানুভূতিশীল হ'বলৈ চেষ্টা কৰক।

মীন 2023 ৰাশিফল: প্ৰেম জীৱন

মীন ৰাশিৰ ৰাশিফল 2023 (Meen Rashir Rashifal 2023) -য়ে ভৱিষ্যতবাণী কৰিছে যে মীন ৰাশিৰ লোকসকলৰ প্ৰেম জীৱনৰ ক্ষেত্ৰত, আপোনাৰ পঞ্চম প্ৰভু হৈছে চন্দ্ৰ। সেয়েহে আপোনাৰ প্ৰেম জীৱনৰ ক্ষেত্ৰত আপুনি অতি মেজাজী আৰু সংবেদনশীল। আপোনাৰ পঞ্চম গৃহত শনিৰ প্ৰভাৱৰ বাবে আপুনি আপোনাৰ প্ৰেম আৰু আৱেগ প্ৰকাশ কৰাত লাজকুৰীয়া আৰু অন্তৰ্মুখী আছিল, কিন্তু এতিয়া আপুনি এইক্ষেত্ৰত সকাহ অনুভৱ কৰিব পাৰিব কিয়নো শনিয়ে আপোনাৰ পঞ্চম গৃহৰপৰা ইয়াৰ দৃষ্টি দূৰ কৰিব। গতিকে এতিয়া আপুনি প্ৰেম জীৱন আৰু আপোনাৰ আৱেগত এটা নতুন লহৰ অনুভৱ কৰিব।

যদি আপুনি সম্পৰ্কত আছে আৰু সমস্যাৰ সন্মুখীন হৈছে তেন্তে সেয়া সমাপ্ত হ'ব আৰু আপোনাৰ সঙ্গী এই পৰিৱৰ্তনবোৰত সুখী হ'ব। আৰু যদিহে আপুনি অবিবাহিত হয় তেন্তে আপোনাৰ এটা সম্পৰ্ক গঢ় লোৱাৰ সম্ভাৱনা আছে। সেয়েহে যদি আপোনাৰ কাৰোবাৰ ওপৰত অনুভূতি বিকাশ হৈছে তেন্তে তেওঁৰ সন্মুখত আপোনাৰ অনুভূতি প্ৰকাশ কৰাৰ বাবে এই সময়ছোৱা অনুকূল। ৰোমান্টিক সম্পৰ্কত থকা সকলৰ বাবে প্ৰেম বৃদ্ধি পাব আৰু আপুনি আপোনাৰ সঙ্গীক বিবাহৰ বাবে প্ৰস্তাৱ দি আপোনাৰ সম্পৰ্কত আৰু এখোজ আগুৱাই যাব পাৰিব।

প্ৰতিকাৰসমূহ

  • দৈনিক ১০৮ বাৰ বৃহস্পতি বীজ মন্ত্ৰ জপ কৰক।
  • বৃহস্পতিবাৰে, ভগৱান বিষ্ণুক হালধীয়া ফুল আগবঢ়াওক আৰু সভক্তিৰে তেওঁক প্ৰাৰ্থনা কৰক।
  • লগতে, আপুনি বৃহস্পতিবাৰে এজোপা কল গছক পানী আগবঢ়াবই ইয়াৰ উপাসনা কৰিব লাগিব।
  • বৃহস্পতিবাৰে সোণৰ আঙুঠিত হালধীয়া নীলম পাথৰ পৰিধান কৰিব।
  • বৃহস্পতিবাৰে গৰুক বুট দাইল আৰু গুড় আটাৰ লোই (আটাৰ লাড়ু) খুৱাব।

এষ্ট্ৰোকেম্পৰ সৈতে সংযুক্ত হৈ থকাৰ বাবে অশেষ ধন্যবাদ!

More from the section: Horoscope 3533
Buy Today
Gemstones
Get gemstones Best quality gemstones with assurance of AstroCAMP.com More
Yantras
Get yantras Take advantage of Yantra with assurance of AstroCAMP.com More
Navagrah Yantras
Get Navagrah Yantras Yantra to pacify planets and have a happy life .. get from AstroCAMP.com More
Rudraksha
Get rudraksha Best quality Rudraksh with assurance of AstroCAMP.com More
Today's Horoscope

Get your personalised horoscope based on your sign.

Select your Sign
Free Personalized Horoscope 2023
© Copyright 2024 AstroCAMP.com All Rights Reserved