• Talk To Astrologers
  • Brihat Horoscope
  • Ask A Question
  • Child Report 2022
  • Raj Yoga Report
  • Career Counseling
Personalized
Horoscope

Read 2023 বাৰ্ষিক ৰাশিফল (2023 Barshik Rashifal) in Assamese!

Author: Vijay Pathak | Last Updated: Mon 2 Jan 2023 9:47:57 AM

এষ্ট্ৰোকেম্পৰদ্বাৰা প্ৰস্তুত কৰা 2023 ৰাশিফলৰ (2023 Barshik Rashifal) ভৱিষ্যতবাণীয়ে পাঠকসকলক 12 টা ৰাশিচিহ্নৰ জাতকসকলক বাৰ্ষিক জীৱনৰ ভৱিষ্যতবাণীৰ বিতং বিৱৰণ প্ৰদান কৰিব। এই ভৱিষ্যতবাণীসমূহ বৈদিক জ্যোতিষশাস্ত্ৰৰ ওপৰত আধাৰিত আৰু ই পাঠকসকলক নতুন বছৰ 2023 -ত তেওঁলোকৰ জীৱনত ঘটিবলগীয়া সম্ভাব্য ঘটনাবোৰৰ বিষয়ে অৱগত কৰিব। আপুনি অৱশেষত এই বছৰ আপোনাৰ প্ৰিয়জনৰ সৈতে বিবাহ পাশত আৱদ্ধ হ'ব পাৰিবনে? আপোনাৰ বাবে চাকৰি সলনি কৰাৰ এইটো সঠিক সময় হয় নে নহয়? এই বছৰ পাৰিবাৰিক আৰু বৈবাহিক জীৱন শান্তিপূৰ্ণ আৰু সুসংগত হ'ব নে? যদি আপোনাৰ মনত এনে প্ৰশ্ন উদয় হয় তেন্তে 2023 চনৰ ৰাশিফলৰ ভৱিষ্যতবাণীৰ বিষয়ে প্ৰস্তুত কৰা এষ্ট্ৰোকেম্পৰ এই বিশেষ প্ৰবন্ধটোৱে আপোনাক সহায় কৰিব। এই প্ৰবন্ধটো পঢ়ি আপুনি আগন্তুক বছৰ 2023-ৰ বিষয়ে সকলোবোৰ গুৰুত্বপূৰ্ণ আৰু সৰু-সুৰা তথ্য প্ৰাপ্ত কৰিব পাৰিব, যাতে আপুনি আপোনাৰ ভৱিষ্যতৰ ভালদৰে পৰিকল্পনা কৰিব পাৰে।

আপোনাক এইখিনিতে জনাই থওঁ যে এই প্ৰবন্ধটো আমাৰ সন্মানীয় আৰু অভিজ্ঞ জ্যোতিষীসকলে বিশেষভাৱে প্ৰস্তুত কৰিছে যিসকলে বিশ্বাস কৰে যে 2023 বৰ্ষই 12 টা ৰাশিচিহ্নৰ জাতকসকলৰ বাবে বহুতো পৰিৱৰ্তন কঢ়িয়াই আনিছে। কিন্তু এই পৰিৱৰ্তনবোৰ অনুকূল নে সেইবোৰে নেতিবাচক ফলাফল আনিব? আহক সেই বিষয়ে অনুসন্ধান কৰোঁ!

हिंदी में पढ़ने के लिए यहाँ क्लिक करें: राशिफल 2023

মেষ

মেষ 2023 বাৰ্ষিক ৰাশিফল (Mesh 2023 Barshik Rashifal) অনুসৰি মেষ ৰাশিৰ জাতকসকলৰ বাবে এই বছৰটো অতি গুৰুত্বপূৰ্ণ হ'ব। এইটো পৰিৱৰ্তনৰ বছৰ কিয়নো এই বছৰ তিনিটা মুখ্য পৰিবহনৰ দ্বাৰা আপুনি প্ৰভাৱিত হ'ব। ৰাহু/কেতু গ্ৰহ আপোনাৰ 1/7 অক্ষত থাকিব আৰু বৃহস্পতি আপোনাৰ লগ্ন গৃহত স্থিত হ'ব। শনিয়ে আপোনাৰ লগ্নৰ ওপৰত দৃষ্টি প্ৰদান কৰিব আৰু ই আপোনাৰ ব্যক্তিত্ব আৰু জীৱনলৈ পৰিৱৰ্তন কঢ়িয়াই আনিব আৰু ভাগ্যই আপোনাক সহায় কৰিব। যি কি নহওক আপুনি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত সতৰ্ক হ'ব লাগিব কিয়নো অৱহেলাৰ ফলত আপোনাৰ ওজন বৃদ্ধি হ'ব পাৰে আৰু স্বাস্থ্যৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেয়েহে আপুনি নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত সচেতন হোৱাৰ লগতে দৈনিক ব্যায়াম, ধ্যান, স্বাস্থ্যকৰ খাদ্যাভাস গ্ৰহণ কৰা উচিত আৰু আগষ্টৰ মাজভাগৰ পৰা অক্টোবৰৰ আৰম্ভণিলৈকে (18 আগষ্টৰ পৰা 3 অক্টোবৰ) অধিক সতৰ্ক হৈ থকা উচিত যেতিয়া আপোনাৰ লগ্ন গৃহৰ স্বামী মঙ্গল গ্ৰহে ষষ্ঠ গৃহত প্ৰৱেশ কৰিব।

যদি আমি আপোনাৰ বৃত্তিগত জীৱনৰ কথা কওঁ তেন্তে আপুনি যোৱা তিনি বছৰত কৰা সকলো কঠোৰ পৰিশ্ৰমৰ ফলাফল এই বছৰত প্ৰাপ্ত কৰিব যিহেতু এই বছৰ 17 জানুৱাৰীত শনি অৱশেষত আপোনাৰ একাদশ গৃহত প্ৰৱেশ কৰিব। যোৱা এবছৰৰ পৰা ই দশম আৰু একাদশ গৃহৰ মাজত দোদুল্যমান হৈ আছিল, সেয়েহে আপুনি ইয়াৰ সৰ্বশ্ৰেষ্ঠ ফলাফল লাভ কৰা নাছিল। সেয়েহে যদিহে আপুনি পদোন্নতি বা দৰমহাৰ বৃদ্ধি বা আপোনাৰ কেৰিয়াৰত উন্নত সুযোগ লাভ কৰাৰ আশা কৰিছিল, তেন্তে এই বছৰ আপোনাৰ সেই আশা পূৰণ হোৱাৰ যোগ আছে।

লগতে আপোনাৰ আৰু আপোনাৰ জীৱন সঙ্গীৰ মাজত উদ্ভৱ হোৱা সংঘৰ্ষৰো সমাপ্তি ঘটিব, কিয়নো পঞ্চম গৃহৰ সক্ৰিয়কৰণে প্ৰেম জীৱনৰ উন্নতিৰ যোগ দেখুৱায় আৰু যদি আপুনি সন্তান জন্মৰ বাবে চেষ্টা কৰি আছে তেন্তে আপুনি সন্তান প্ৰাপ্ত কৰিব পাৰে যিহেতু এপ্ৰিল মাহ(22 এপ্ৰিল)-ত আপোনাৰ তুঙ্গীত বৃহস্পতিৰ পৰিবহনেও সদৃশ পৰিস্থিতি সূচিত কৰে। কামৰ বাবে বিদেশ ভ্ৰমণ বা বিদেশলৈ স্থানান্তৰিত হোৱাৰ সম্ভাৱনাও আছে। এই বছৰ আপোনাৰ জীৱনত যথেষ্ট বিদেশী প্ৰভাৱ থাকিব।

শেষত আমি আপোনাক ক'ব বিচাৰোঁ যে এইটো এটা অতি ইতিবাচক বছৰ য'ত আপুনি নিজকে ৰূপান্তৰ কৰিব পাৰিব আৰু আপোনাৰ শাৰীৰিক সামৰ্থ আৰু শক্তিক পৰৱৰ্তী স্তৰলৈ লৈ যাবলৈ সক্ষম হ'ব; সেয়েহে আপুনি নিজ শৰীৰত সময় বিনিয়োগ কৰা উচিত কিয়নো ইয়াৰদ্বাৰা আপুনি ইতিবাচক ফলাফল প্ৰাপ্ত কৰিব আৰু আপুনি লগতে ধ্যান কৰা উচিত কিয়নো ই আপোনাৰ ভিতৰত থকা আক্ৰমণাত্মকতা আৰু শক্তি নিয়ন্ত্ৰণ কৰিব, কিয়নো উচ্চ পৰিমাণৰ শক্তিৰ স্তৰৰ বাবে আপুনি আৱেগিক সিদ্ধান্ত ল'ব পাৰে যি বিপৰীত ফলাফল প্ৰদান কৰিব পাৰে। সেয়েহে আপুনি ক্ৰোধ আৰু শক্তিৰ স্তৰ নিয়ন্ত্ৰণ কৰি চলা উচিত; ই আপোনাক মানসিক শান্তি প্ৰদান কৰিব। আৰু প্ৰতি মঙলবাৰে ভগৱান হনুমানক বুন্দি প্ৰসাদ আগবঢ়াবলৈ নাপাহৰিব।

বিস্তৃতভাৱে পঢ়ক: Read Mesh 2023 Barshik Rashifal

ৰাজ যোগ প্ৰতিৱেদন: আপুনি কেতিয়া ধন আৰু সমৃদ্ধি লাভ কৰিব সেই বিষয়ে জানক!

বৃষ

বৃষ 2023 বাৰ্ষিক ৰাশিফল (Brish 2023 Barshik Rashifal) ভৱিষ্যতবাণী কৰে যে এই বছৰটো বৃষ ৰাশিৰ লোকসকলৰ বাবে পৰীক্ষাৰ সময় হ'ব কিয়নো আপোনাৰ দ্বাদশ গৃহ অধিকাংশ সময় সক্ৰিয় হৈ থাকিব। এপ্ৰিল (22 এপ্ৰিল) মাহত দ্বাদশ গৃহত বৃহস্পতি গ্ৰহৰ প্ৰৱেশৰ লগে লগে আপুনি আপোনাৰ স্বাস্থ্যক লৈ সচেতন হ'ব লাগিব। কিয়নো অজ্ঞতাৰ ফলত স্বাস্থ্যৰ অৱনতি আৰু ধনৰ ক্ষতি হ'ব পাৰে। বেয়া স্বাস্থ্যৰ বাবে হোৱা ব্যয় বৃদ্ধি হ'ব পাৰে আৰু আপোনাৰ বৃত্তিগত জীৱনো ক্ষতিগ্ৰস্ত হ'ব পাৰে। আপুনি আপোনাৰ সৰ্বশ্ৰেষ্ঠ প্ৰচেষ্টা কৰাত আৰু অনুকূল সময়ৰ সৰ্বাধিক সুবিধা লাভ কৰাৰ ক্ষেত্ৰত বিফল হ'ব পাৰে।

কেৰিয়াৰৰ ক্ষেত্ৰত যিহেতু শনি আপোনাৰ নৱম আৰু দশম প্ৰভু আৰু আপোনাৰ বাবে যোগকাৰক গ্ৰহ, আৰু ই আপোনাৰ কেৰিয়াৰ আৰু বৃত্তিৰ দশম গৃহত প্ৰৱেশ কৰিব, সেয়েহে এয়া আপোনাৰ কেৰিয়াৰৰ বিকাশৰ বাবে এক উপযুক্ত সময় হ'ব। আপুনি কাম সম্বন্ধীয় দীঘলীয়া ভ্ৰমণ আৰু বিদেশ ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰে আৰু এই বছৰ আপোনাৰ চতুৰ্থ গৃহ সক্ৰিয় হোৱাৰ ফলত আপোনাৰ সপোনৰ ঘৰ বা গাড়ী ক্ৰয় কৰাৰ যোগ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। আপুনি আনকি আপোনাৰ ঘৰটোৰ পুনৰ নিৰ্মাণো কৰিব পাৰে, বিশেষকৈ জুলাই মাহত যেতিয়া মঙ্গল আৰু শুক্ৰ আপোনাৰ চতুৰ্থ গৃহত সিংহ ৰাশিৰ চিহ্নত সংযুক্ত হ'ব। যদি আপুনি বিদেশত থিতাপি ল'বলৈ চেষ্টা কৰি আছে তেনেহ'লে সেয়া বাস্তৱত পৰিণত হোৱাৰো সম্ভাৱনা আছে।

এই বছৰ আপুনি ঘৰুৱা জীৱন সম্পূৰ্ণৰূপে উপভোগ কৰিব। এতিয়া আপোনাৰ প্ৰেমৰ সম্পৰ্ক আৰু দাম্পত্য জীৱনৰ বিষয়ে ক'ব পাৰি যে এই বৰ্ষটো প্ৰেম আৰু ৰোমাঞ্চৰ ক্ষেত্ৰত আপোনাৰ বাবে অতি ভাল হ'ব। আপুনি এক আনন্দময় সময় উপভোগ কৰিব। বিবাহিত লোকসকল আনন্দিত হ'ব আৰু জীৱন অনুকূল হৈ থাকিব। বৃষ ৰাশিৰ জাতকসকল, আপুনি এই বছৰ কেৱল স্বাস্থ্যৰ যত্ন ল'লেই হ'ব। আপোনাৰ সামগ্ৰিক স্বাস্থ্য ভালদৰে নীৰিক্ষণ কৰিব, সাৱধানতা অৱলম্বন কৰি চলিব আৰু নিয়মিত স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰাৰ লগতে ব্যায়াম কৰিব আৰু শুক্ৰবাৰে লক্ষ্মীদেৱীৰ উপাসনা কৰিব।

বিস্তৃতভাৱে পঢ়ক: Read Brish 2023 Barshik Rashifal

মিথুন

বৈদিক জ্যোতিষশাস্ত্ৰৰ ওপৰত আধাৰিত মিথুন 2023 ৰাশিফল (Mithun 2023 Barshik Rashifal) অনুসৰি এই বছৰ এপ্ৰিল (22 এপ্ৰিল) মাহত বৃহস্পতি গ্ৰহৰ পৰিবহনৰ লগে লগে আপোনাৰ একাদশ গৃহ আৰু তৃতীয় গৃহ সক্ৰিয় হ'ব, আৰু যিহেতু শনিয়ে ইতিমধ্যে 17 জানুৱাৰীৰ পৰা তৃতীয় (সিংহ ৰাশি) আৰু একাদশ (মেষ ৰাশি)ত প্ৰভাৱে বিস্তাৰ কৰিছে, এই বছৰটো নেটৱৰ্কিংৰ ক্ষেত্ৰত আপোনাৰ বাবে প্ৰকৃততে ভাল হ'ব। আপুনি প্ৰভাৱশালী লোকসকলৰ সৈতে নতুন সম্পৰ্ক স্থাপন কৰিব পাৰিব আৰু বন্ধু-বৰ্গ আৰু সামাজিক চক্ৰৰ সৈতে মিলামিছা কৰাত যথেষ্ট সময় অতিবাহিত কৰিব। 24 জুনৰ পৰা 8 জুলাইলৈকে সময়ছোৱা আপোনাৰ বাবে সঁচাকৈয়ে শুভ হ'ব কিয়নো আপোনাৰ লগ্ন প্ৰভূ বুধ আপোনাৰ লগ্নত প্ৰৱেশ কৰিব যি আপোনাৰ বাবে সৌভাগ্য কঢ়িয়াই আনিব। 1-19 অক্টোবৰৰ সময়ছোৱাত যেতিয়া বুধ আপোনাৰ চতুৰ্থ গৃহত প্ৰৱেশ কৰিব আপোনাৰ জীৱন আৰু ঘৰখন সুখেৰে পৰিপূৰ্ণ হৈ উঠিব।

একাদশ গৃহত বৃহস্পতি গ্ৰহৰ পৰিবহনে দেখুৱায় যে আপোনাৰ বহুতো আকাংক্ষা এই বছৰ সঁচা হ'ব আৰু আপুনি আনকি আপোনাৰ সঙ্গীৰ সৈতে বহুদিনৰপৰা ভাবি থকা ছুটীৰ দিনৰ পৰিকল্পনা কৰিব পাৰে। কিন্তু মিথুন ৰাশিৰ জাতকসকলে তেওঁলোকৰ সামাজিক আৰু ব্যক্তিগত জীৱনৰ মাজত ভাৰসাম্য বজাই ৰাখিব লাগিব। যদিহে আপুনি এক প্ৰতিশ্ৰুতিবদ্ধ সম্পৰ্কত আছে তেন্তে আপুনি আপোনাৰ প্ৰেমাস্পদক উপেক্ষা আৰু আঘাত কৰাৰ যথেষ্ট সম্ভাৱনা আছে। যদি আপুনি এগৰাকী পৰিয়াল থকা পুৰুষ তেনেহ'লে আপুনি আপোনাৰ সন্তানৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিয়াটো আৰু তেওঁলোকৰ সৈতে ভাল সময় অতিবাহিত কৰাটো উচিত।

এই বছৰ মিথুন ৰাশিৰ শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নত যথেষ্ট বাধা আৰু বিভ্ৰান্তিৰ সন্মুখীন হ'ব পাৰে আৰু তেওঁলোকে লক্ষ্যত মনোনিবেশ কৰাটো কঠিন হ'ব পাৰে। সেয়েহে ভগৱান গণেশৰ ওচৰত প্ৰাৰ্থনা কৰক আৰু প্ৰতি বুধবাৰে তেওঁক দুবৰি বন আৰু বেচন লাডুৰ নৈবেদ্য আগবঢ়াওক। কিয়নো ভগৱান গণেশক তেওঁৰ ভক্তসকলৰ বাবে বিঘ্নহাৰ্তা বুলি কোৱা হয়। সেয়েহে তেওঁ আপোনাক সকলোবোৰ বাধা আঁতৰ কৰাত সহায় কৰিব। শনি হৈছে নৱম গৃহত প্ৰৱেশ কৰা আপোনাৰ অষ্টম প্ৰভু। সেয়েহে যদি আপুনি বৈদিক জ্যোতিষবিজ্ঞানৰ দৰে গুপ্তবিজ্ঞানৰ প্ৰতি আগ্ৰহী তেন্তে সেয়া আৰম্ভ কৰাৰ বাবে এয়া ভাল সময়।

শিকন মন্থৰ হ'ব পাৰে কিন্তু ই প্ৰভাৱশালী হ'ব আৰু নৱম গৃহ হৈছে পিতৃৰ গৃহ। সেয়েহে আপুনি পিতৃৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিয়া উচিত আৰু তেওঁৰ নিয়মীয়া পৰীক্ষাবোৰ সময়মতে সম্পন্ন কৰোৱাটো প্ৰয়োজনীয়। মিথুন ৰাশিৰ লোকসকলে গোটেই বছৰটো নিয়মীয়াকৈ গোমাতাৰ সেৱা (গৰুৰ সেৱা) কৰাটো আৰু সেউজীয়া পশুখাদ্য খুওৱাটো দৰকাৰী।

বিস্তৃতভাৱে পঢ়ক: Read Mithun 2023 Barshik Rashifal

আপোনাৰ কুণ্ডলী অনুসৰি স্বনিৰ্দ্ধাৰিত আৰু সঠিক শনি প্ৰতিৱেদন প্ৰাপ্ত কৰক!

কৰ্কট

কৰ্কট 2023 বাৰ্ষিক ৰাশিফল (Karkat 2023 Barshik Rashifal) ৰাশিফল অনুসৰি এই বছৰটোৱে আপোনাক মিশ্ৰিত ফলাফল প্ৰদান কৰিব। শনি আপোনাৰ অষ্টম গৃহত প্ৰৱেশ কৰিব আৰু ই আপোনাক সংবেদনশীল, গভীৰ চিন্তাবিদ কৰি তুলিব আৰু জীৱনৰ গভীৰ অৰ্থৰ প্ৰতি আপোনাৰ মনোযোগ আকৰ্ষণ কৰিব। আপুনি নিজকে আধ্যাত্মিকতা, মানৱতা আৰু দৰিদ্র লোকসকলৰ সেৱাৰ প্ৰতি আগ্ৰহী হোৱা দেখিব। এপ্ৰিল (22 এপ্ৰিল) মাহত দশম গৃহত শনিৰ দৃষ্টি আৰু বৃহস্পতিৰ পৰিবহনৰ জৰিয়তে আপোনাৰ দশম গৃহ (মেষ ৰাশি) সক্ৰিয় হৈ উঠিব আৰু এক উন্নত ভৱিষ্যতৰ বাবে আপোনাৰ কেৰিয়াৰ আৰু সমাজত আপোনাৰ প্ৰতিচ্ছবি সলনি হ'ব। আপুনি আপোনাৰ লক্ষ্যৰ প্ৰতি অধিক স্পষ্ট আৰু বাস্তৱবাদী হ'ব। আগষ্টৰ মাজভাগৰ পৰা নৱেম্বৰৰ মাজভাগলৈ সময়ছৱোা আপোনাৰ বাবে ভাগ্যৱান হ'ব কিয়নো আপুনি আপোনাৰ আৰামৰ ক্ষেত্ৰৰ পৰা ওলাই আহি বিকাশৰ সুযোগ প্ৰাপ্ত কৰিব পাৰিব আৰু সফলতা আৰু স্বীকৃতি লাভ কৰিব।

আপোনাৰ প্ৰেম আৰু বিবাহিত জীৱনৰ কথা কবলৈ গ’লে অক্টোবৰ আৰু নৱেম্বৰ মাহ বৰ সন্তোষজনক নহ'ব কিয়নো এই সময়ছোৱাত মঙ্গল গ্ৰহ আপোনাৰ চতুৰ্থ আৰু পঞ্চম গৃহত প্ৰৱেশ কৰিব আৰু আপোনাৰ সপ্তম গৃহত দৃষ্টি পেলাব। ইয়াৰ ফলত আপুনি আপোনাৰ সঙ্গীৰ প্ৰতি অত্যাধিক অধিকাৰৰ মনোভাৱ পোষণ কৰিব পাৰে যাৰ ফলত সংঘৰ্ষ হ'ব পাৰে। সেয়েহে আপুনি আৱেগৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো দৰকাৰী আৰু ভগৱান হনুমানৰ ওচৰত প্ৰাৰ্থনা কৰাৰ লগতে তেওঁক পাঁচপাহ ৰঙা ফুল আগবঢ়োৱা উচিত। এই প্ৰতিকাৰে আপোনাৰ জীৱনৰ কিছুমান অন্তৰংগ মুহূৰ্ত ঘূৰাই অনাত সহায় কৰিব।

শনিৰ সপ্তম দৃষ্টি আৰু বৃহস্পতিৰ পঞ্চম দৃষ্টিৰ জৰিয়তে আপোনাৰ দ্বিতীয় গৃহ (সিংহ ৰাশি) সক্ৰিয় হৈ উঠিছে, সেয়েহে এই বছৰ আপুনি আপোনাৰ যোগাযোগত যথেষ্ট প্ৰভাৱশালী হ'ব আৰু আপোনাৰ বাবে এক সন্তোষজনক বেংক বেলেন্স গঢ়ি তুলিবলৈ সক্ষম হ'ব। পৰিয়ালটো বৃদ্ধিৰ সম্ভাৱনা আছে। যিহেতু ৰাহু-কেতু 10/4 অক্ষত স্থিতি লৈছে তাৰ ফলত আপুনি কেতিয়াবা বৃত্তিগত আৰু ব্যক্তিগত জীৱনৰ ভাৰসাম্য বজাই ৰাখিবলৈ অসমৰ্থ হ'ব পাৰে।

কৰ্কট 2023 বাৰ্ষিক ৰাশিফল(Karkat 2023 Barshik Rashifal) অনুসৰি চতুৰ্থ গৃহত কেতুৰ স্থান আপোনাৰ মাতৃৰ স্বাস্থ্যৰ বাবেও অনুকূল নহয়। সেয়েহে আপুনি তেওঁৰ স্বাস্থ্যৰ ভাল যত্ন লোৱা উচিত। প্ৰতিকাৰ হিচাপে ৰাস্তাৰ কুকুৰক খুৱাব। লগতে এই বছৰ আপুনি দৈনন্দিন জীৱনত অধিক শৃংখলাবদ্ধ হোৱা উচিত। পানী, খাদ্য বা প্ৰাকৃতিক সম্পদৰ অপচয় নকৰিব।

বিস্তৃতভাৱে পঢ়ক: Read Karkat 2023 Barshik Rashifal

সিংহ

সিংহ 2023 বাৰ্ষিক ৰাশিফল (Singha 2023 Barshik Rashifal) অনুসৰি এই বছৰটো সিংহৰ ৰাশিৰ জাতকসকলৰ বাবে অতি শুভ আৰু ভাগ্যৱান হ'ব। এই বছৰটোত ইতিবাচক পৰিৱৰ্তন প্ৰাপ্ত কৰিব আৰু আকাংক্ষা পূৰণ হ’ব কিয়নো আপোনাৰ লগ্ন আৰু নৱম গৃহ (মেষ ৰাশি) সক্ৰিয় হৈ আছে। যিহেতু শনিয়ে তৃতীয় দিশৰ পৰা আপোনাৰ নৱম গৃহ আৰু সপ্তম দিশৰ পৰা লগ্নৰ ওপৰত দৃষ্টি পেলাব। আনহাতে বৃহস্পতিয়ে এপ্ৰিল (22 এপ্ৰিল) মাহত নৱম গৃহ মেষ ৰাশিত প্ৰৱেশ কৰিব আৰু পঞ্চম দিশৰ পৰা লগ্নৰ ওপৰত প্ৰভাৱ পেলাব। এপ্ৰিলৰ মাজভাগৰ পৰা মে’ মাহৰ মাজভাগত সূৰ্য ইয়াৰ উচ্চ ৰাশিত প্ৰৱেশ কৰিব যাতে আপুনি আপোনাৰ ব্যক্তিগত জীৱনত ইতিবাচক বিকাশ আৰু ভাল খবৰ আশা কৰিব পাৰে।

প্ৰেম আৰু সম্পৰ্কৰ বিষয়ে ক'বলৈ গ'লে যদিহে আপুনি দীঘলীয়া সময়ৰ বাবে অবিবাহিত হৈ আছে তেন্তে এই বছৰ আপোনাৰ নতুন সম্পৰ্ক গঠন হ'ব পাৰে, বিশেষকৈ অক্টোবৰ মাহত যেতিয়া শুক্ৰ আপোনাৰ লগ্নাত প্ৰৱেশ কৰিব। যদি আপুনি আপোনাৰ সম্পৰ্কত নিষ্ঠাৱান আৰু প্ৰতিশ্ৰুতিবদ্ধ আৰু ইয়াক বিবাহলৈ ৰূপান্তৰ কৰিব বিচাৰে তেনেহ'লে এই বছৰটোত সেই স্বপ্ন পূৰণ হ'ব আৰু আপুনি এক সঠিক সম্পৰ্ক লাভ কৰিব।

কেৰিয়াৰৰ ক্ষেত্ৰত এইটো এটা শুভ বছৰ হ'ব কিন্তু আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু বিকাশ আৰু স্থিৰতাৰ বাবে প্ৰচেষ্টা কৰিব লাগিব। অৱশ্যে এয়াও নিশ্চিত যে আপুনি পদোন্নতি আৰু দৰমহা বৃদ্ধি আদিৰ দৰে সুবিধাৰদ্বাৰা পুৰস্কৃত কৰা হ'ব। ব্যৱসায়ৰ মালিকসকল যদিহে নতুন অংশীদাৰীত্ব গঠন কৰিবৰ বাবে ইচ্ছুক তেন্তে ই উৎপাদনশীল হ'ব কিন্তু প্ৰক্ৰিয়াটো কিছু কঠিন হ'ব। আপোনাৰ 9/3 গৃহত ৰাহু আৰু কেতুৰ অৱস্থানৰ বাবে আপুনি সাহস আৰু শক্তি লাভ কৰিব আৰু আপুনি চুটি বা দীঘলীয়া ভ্ৰমণত যাত্ৰা কৰিব পাৰে অথবা তীৰ্থযাত্ৰালৈও যাব পাৰে। আপুনি কেৱল আপোনাৰ কনিষ্ঠ সহোদৰৰ সৈতে আপোনাৰ সম্পৰ্কৰ ক্ষেত্ৰত সচেতন হ'ব লাগিব কিয়নো আপুনি বহুবাৰ আধিপত্য বিস্তাৰ কৰিব পাৰে, যাৰ ফলত আপোনালোক দুয়োৰে মাজত সংঘৰ্ষ হ'ব পাৰে।

সিংহ ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে ই এক অনুকূল বছৰ। যিসকল সিংহ ৰাশিৰ মাতৃয়ে তেওঁলোকৰ পৰিয়াল সম্প্ৰসাৰিত কৰিবলৈ চেষ্টা কৰি আছে তেওঁলোকে ভাল খবৰ লাভ কৰিব পাৰে। আপুনি সূৰ্য দেৱতাক দৈনিক অৰ্ঘ্য প্ৰদান কৰা উচিত আৰু আপোনাৰ লক্ষ্য প্ৰাপ্ত কৰিবৰ বাবে আপুনি শৃংখলাবদ্ধ, সমৰ্পিত আৰু পৰিশ্ৰমী হ'ব লাগিব। আপোনাৰ ভাগ্যই আপোনাক সহায় কৰিব।

বিস্তৃতভাৱে পঢ়ক: Read Singha Barshik Rashifal 2023

কন্যা

কন্যা 2023 বাৰ্ষিক ৰাশিফল (Kanya 2023 Barshik Rashifal) - য়ে প্ৰকাশ কৰে যে এপ্ৰিল মাহত ষষ্ঠ গৃহত কুম্ভ ৰাশিত শনিৰ অৱস্থান আৰু মেষ ৰাশিত বৃহস্পতিৰ পৰিবহনে আপোনাৰ অষ্টম গৃহ (মেষ ৰাশি) আৰু দ্বাদশ গৃহ (সিংহ ৰাশি) সক্ৰিয় কৰি তুলিব। ৰাহু-কেতু আপোনাৰ 8/2 অক্ষত স্থিত হ’ব। এই সকলোবোৰ কাৰক বৰ অনুকূল নহয়। এইবোৰে সূচায় যে এই বছৰ আপোনাৰ বাবে কঠিন হ'ব পাৰে বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত। আপুনি নিজৰ স্বাস্থ্যৰ ভাল যত্ন লোৱা উচিত, সময়ে সময়ে সকলো নিয়মীয়া পৰীক্ষা কৰাওক, নিয়মীয়া ব্যায়াম কৰক, সঠিক খাদ্যাভ্যাস গ্ৰহণ কৰক, আৰু অত্যাধিক সুৰা বা তেলযুক্ত খাদ্য সেৱন কৰাটো উচিত নহয়। আনকি গাড়ী চলোৱা আৰু যাতায়ত কৰাৰ সময়তো অতিৰিক্ত সচেতন হৈ থকা দৰকাৰ।

কন্যা ৰাশিৰ লোকসকল তেওঁলোকৰ যোগাযোগ আৰু মীমাংসা দক্ষতা তথা কৌশলৰ বাবে জনাজাত। আপুনি কাকো অসন্তুষ্ট নকৰাকৈ আপোনাৰ কাম সম্পন্ন কৰিব পাৰে। কিন্তু এই বছৰ আপোনাৰ দ্বিতীয় গৃহত কেতুৰ অৱস্থানৰ বাবে (30 অক্টোবৰলৈকে) আপোনাৰ দক্ষতা পৰীক্ষাৰ অধীনত থাকিব আৰু আপুনি আপোনাৰ ধাৰণাবোৰ প্ৰকাশ কৰা আৰু আনৰ সৈতে যোগাযোগ কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সম্মুখীন হ'ব আৰু আপোনাৰ কথাৰ ভুল ব্যাখ্যা কৰা হ'ব। আপুনি কথা-বতৰা কেতিয়বা ইমান ঠৰঙৈ আৰু কঠোৰ হ'ব পাৰে যে ই আনক আঘাত কৰিব। আপুনি আনকি পৰিয়ালৰ ভিতৰতো বিবাদৰ সন্মুখীন হ'ব পাৰে।

এই বছৰ আপুনি কিছুমান কঠিন সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। আপুনি জীৱনৰ বিভিন্ন ক্ষেত্ৰত বহুতো আকস্মিক বাধাৰ সন্মুখীন হ'ব পাৰে। আপোনাক ভগৱান গণেশৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ আৰু প্ৰতি বুধবাৰে দুবৰি বন আৰু বেচন লাডু আগবঢ়াবলৈ পৰামৰ্শ দিয়া হৈছে কিয়নো ভগৱান গণেশক তেওঁলোকৰ ভক্তসকলৰ বাবে বিঘ্নহৰ্তা বুলি কোৱা হয়। সেয়েহে তেওঁ আপোনাৰ সকলোবোৰ বাধা-বিঘিন দূৰ কৰিব পাৰিব।

অক্টোবৰ আৰু নৱেম্বৰ মাহটো আপোনাৰ বাবে ভাল হ'ব যেতিয়া বুধ (1 অক্টোবৰ) আৰু শুক্ৰ (3 নৱেম্বৰ) আপোনাৰ লগ্নত পৰিবহন কৰিব আৰু কেতুও আপোনাৰ প্ৰথম গৃহলৈ স্থানান্তৰিত হ'ব। সেয়েহে এই সময়ছোৱাত আপোনাক নিজৰ প্ৰতি আৰু নিজস্ব কল্যাণৰ প্ৰতি মনোযোগ দিবলৈ পৰামৰ্শ দিয়া হৈছে। কেৰিয়াৰৰ ক্ষেত্ৰত আপুনি কৰ্মক্ষেত্ৰত হঠাতে বৃদ্ধি আৰু পৰিৱৰ্তন আশা কৰিব পাৰে। যদি আপুনি কামৰ ক্ষেত্ৰত দীঘলীয়া সময়ৰ বাবে বিদেশলৈ যাবলৈ ইচ্ছুক তেনেহ'লে সেয়াও এই বছৰ সম্ভৱ হ'ব পাৰে। শনিৰ অৱস্থানগত প্ৰভাৱৰ বাবে আপুনি আপোনাৰ প্ৰতিযোগীসকলৰ বিপক্ষে জয় লাভ কৰিব আৰু আপোনাৰ কেৰিয়াৰত লাভান্বিত হ'ব।

বিস্তৃতভাৱে পঢ়ক: Read Kanya 2023 Barshik Rashifal

এষ্ট্ৰোচেজ বৃহৎ কৃণ্ডলী: জীৱনৰ সঠিক আৰু নিৰ্ভৰযোগ্য ভৱিষ্যতবাণী লাভ কৰক

তুলা

তুলা 2023 বাৰ্ষিক ৰাশিফল (Tula 2023 Barshik Rashifal) অনুসৰি তুলা ৰাশিৰ যিসকল লোক অবিবাহিত আৰু প্ৰেমাস্পদৰ সৈতে বিবাহ পাশত আৱদ্ধ হ'বৰ বাবে ইচ্ছুক কিন্তু পৰিয়াল আৰু প্ৰিয়জনৰ পৰা যথেষ্ট বিৰূপ প্ৰতিক্ৰিয়াৰ সন্মুখীন হৈছে, এই বছৰটোত তেওঁলোকৰ সপোন সঁচা হোৱাৰ যোগ দেখা যায়। আপুনি সন্মুখীন হোৱা সমস্যাৰ সমাপ্তি ঘটিব আৰু আপুনি আপোনাৰ সঙ্গীৰ সৈতে বিবাহপাশত আৱদ্ধ হ'ব পাৰিব। কিন্তু যদি আপুনি সাধাৰণ বা অসৎ সম্পৰ্কত আছিল তেন্তে ইয়াৰ সমাপ্তি ঘটিব পাৰে। ইয়াৰ কাৰণ হৈছে পঞ্চম গৃহত শনিৰ অৱস্থানৰ আৰু তৃতীয় দৃষ্টিৰদ্বাৰা সপ্তম গৃহত আৰু সপ্তম দৃষ্টিৰদ্বাৰা একাদশ গৃহত ইয়াৰ প্ৰভাৱৰদ্বাৰা আপোনাৰ সপ্তম গৃহ (মেষ ৰাশি) আৰু একাদশ গৃহ (সিংহ ৰাশি) সক্ৰিয়কৰণ। আনহাতে বৃহস্পতিয়ে সপ্তম গৃহত (মেষ ৰাশি) পৰিবহন কৰিছে আৰু পঞ্চম দৃষ্টিৰদ্বাৰা একাদশ গৃহ (সিংহ ৰাশি)ত প্ৰভাৱ পেলাইছে। গতিকে গ্ৰহবোৰৰ এই সমীকৰণে আপোনাৰ প্ৰেম জীৱনৰ সৈতে সম্পৰ্কিত সকলো সমস্যাৰ সমাধান কৰিব।

কেৰিয়াৰৰ ক্ষেত্ৰত এই বৰ্ষটোত আপুনি নিজৰ কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰিব। সৰু-সুৰা প্ৰত্যাহ্বান আৰু বাধাৰ উপৰিও আপুনি পদোন্নতিৰো আশা কৰিব পাৰে। ই আপোনাক এই বছৰ আৰু অধিক পৰিশ্ৰম কৰিবৰ বাবে আগ্ৰহী আৰু অনুপ্ৰাণিত কৰি তুলিব। একাদশ গৃহত শনি আৰু বৃহস্পতিৰ দৃষ্টিয়ে আপোনাক সঞ্চয়ৰ আকাংক্ষিত স্তৰ প্ৰাপ্ত কৰাত সহায় কৰিব। বৰ্তমান নিবনুৱা হৈ থকা ব্যক্তিসকলে এই বছৰ চাকৰি লাভ কৰাৰ যোগ আছে। এই বছৰ ধন, সম্পত্তি, বিবাহ আৰু সন্তানৰ সৈতে সম্পৰ্কিত বিষয়ত তুলা ৰাশিৰ জাতকসকলৰ মনোযোগ কিছু আতৰি আহিব।

এই বছৰটোৱে বিভিন্ন ধৰণে অৰ্থনৈতিক আৰু ব্যক্তিগত বিকাশ আৰু সমৃদ্ধি আনিব। আপুনি প্ৰয়োজন অনুসাৰে পৰিয়াল আৰু বন্ধুবৰ্গক সহায় কৰিবলৈ সক্ষম হ'ব। আপুনি বছৰটো সুখী ভাৱেৰে আৰম্ভ কৰিব আৰু এপ্ৰিল আৰু ডিচেম্বৰ মাহ আপোনাৰ বাবে সকলো ফালৰপৰা ভাল হ'ব, বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত, কিয়নো আপোনাৰ লগ্ন ভগৱান শুক্ৰই ইয়াৰ নিজা ৰাশিচিহ্ন বৃষ (6 এপ্ৰিল) আৰু তুলা ৰাশি (30 নৱেম্বৰ)ত প্ৰৱেশ কৰিব।

তুলা 2023 বাৰ্ষিক ৰাশিফল(Tula 2023 Barshik Rashifal)-য়ে প্ৰকাশ কৰে যে তুলা ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে, শনি পঞ্চম গৃহত থাকিব আৰু আপোনাৰ যোগ কাৰক গ্ৰহ ইয়াৰ নিজা ৰাশিচিহ্নত প্ৰৱেশ কৰিব। ই আপোনাক ভাল ফলাফল প্ৰদান কৰিব পাৰে কিন্তু যদি আপুনি আপোনাৰ শিক্ষাৰ ক্ষেত্ৰতত সফল হ'ব বিচাৰে তেন্তে আপোনাৰ ফালৰ পৰা যথেষ্ট কঠোৰ পৰিশ্ৰম আৰু আন্তৰিক প্ৰচেষ্টা কৰিব লাগিব। আপুনি প্ৰতি শুক্ৰবাৰে দেৱী সৰস্বতীৰ উপাসনা কৰা উচিত।

বিস্তৃতভাৱে পঢ়ক: Read Tula 2023 Barshik Rashifal

বৃশ্চিক

বৃশ্চিক 2023 বাৰ্ষিক ৰাশিফল (Brishchik 2023 Barshik Rashifal) প্ৰকাশ কৰে যে আৰম্ভণিতে বৃষ ৰাশিত মঙ্গল গ্ৰহৰ উপস্থিতি, আৰু আপোনাৰ অষ্টম গৃহ মিথুন ৰাশিৰ প্ৰতি ইয়াৰ গমন স্বাস্থ্যৰ বাবে ভাল প্ৰমাণিত নহ’ব। এপ্ৰিল মাহত মেষ ৰাশিত বৃহস্পতিৰ পৰিবহনেও একে পৰিস্থিতিৰ ইংগিত দিয়ে। সেয়েহে বৃশ্চিক ৰাশিৰ জাতককসকলে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি সতৰ্ক হোৱাৰ প্ৰয়োজন কিয়নো তেওঁলোকে হজম, পাকস্থলীৰ সংক্ৰমণ, কাহ আৰু মেদবহুলতাৰ সৈতে সম্পৰ্কিত স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে। গতিকে আপোনাৰ স্বাস্থ্যৰ অতিৰিক্ত যত্ন লওঁক আৰু ভাল শাৰীৰিক আৰু মানসিক স্বাস্থ্য বজাই ৰাখিবলৈ আৰু চাপ পৰিহাৰ কৰি চলিবলৈ আপোনাৰ পচন্দৰ শাৰীৰিক কাৰ্যকলাপ কৰক।

বৃশ্চিক ৰাশিৰ জাতকসকলৰ কেৰিয়াৰ আৰু ৰাজহুৱা প্ৰতিচ্ছবিৰ এই বছৰ পৰিৱৰ্তন হ'ব বুলি ক'ব পাৰি। আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত সঘনাই প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব কিন্তু আপোনাৰ দক্ষতাৰ দ্বাৰা আপুনি প্ৰত্যাহ্বানবোৰ অতিক্ৰম কৰিবলৈ আৰু নিজৰ এটা ভাল খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ'ব। আপোনাৰ সহকৰ্মীসকলৰ সৈতে ভাল সম্পৰ্ক ৰখাটো লাভজনক হ'ব। ব্যৱসায়ৰ মালিকসকলে বছৰটোত ভাল লাভ আশা কৰিব পাৰে আৰু ব্যৱসায় অধিক সম্প্ৰসাৰিত কৰাৰ কথাও বিবেচনা কৰি চাব পাৰে। অৱশ্যে ইয়াৰ বাবে আপুনি অৱশেষত ঋণ লোৱাৰো সম্ভাৱনা আছে। এই বছৰটো নতুন ষ্টাৰ্ট-আপৰ বাবেও অনুকূল হ'ব। আপুনি ইয়াৰ বাবে বিনিয়োগকাৰী বিচাৰি পাবলৈ সক্ষম হ'ব পাৰে।

প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত এই বছৰটোত উঠা-নমা থাকিব; কিছু সময় মসৃণ আৰু কিছু সময় খহটা। বিশেষকৈ জুলাই মাহত যেতিয়া আপোনাৰ লগ্ন প্ৰভূ মংগল আৰু সপ্তম প্ৰভূ শুক্ৰ আপোনাৰ দশম গৃহৰ সিংহ ৰাশিত সংযুক্ত হ'ব। যদিহে আপুনি অবিবাহিত তেনেহ'লে আপোনাৰ কৰ্মস্থানত কাৰোবাৰ সৈতে ৰোমান্টিক সম্পৰ্ক স্থাপনৰ উচ্চ সম্ভাৱনা আছে। আৰু যিসকল লোক ইতিমধ্যে সম্পৰ্কত আছে আৰু তেওঁলোকৰ সংগীৰ সৈতে এক শক্তিশালী বান্ধোন আছে তেওঁলোক এই বছৰ বিবাহ পাশত আৱদ্ধ হোৱাৰ যোগ আছে। আপুনি আনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা উচিত আৰু এটা ভাল আৰু স্বাস্থ্যকৰ সম্পৰ্ক উপভোগ কৰিবৰ বাবে ভালদৰে বুজাবুজি কৰা উচিত। বৃশ্চিক ৰাশিৰ লোকসকলে প্ৰতিকাৰ হিচাপে দৈনিক ৰাতিপুৱা সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰিব লাগে আৰু গায়ত্ৰী মন্ত্ৰ উচ্চাৰণ কৰিব লাগে।

বিস্তৃতভাৱে পঢ়ক: Read Mesh Barshik Brishchik 2023

ধনু

ধনু 2023 বাৰ্ষিক ৰাশিফল (Dhanu 2023 Barshik Rashifal) ৰ মতে ধনু ৰাশিৰ জাতকসকলৰ বাবে এয়া এক আশাব্যঞ্জক বছৰ। আত্ম বিকাশৰ প্ৰক্ৰিয়াটো বিৰাজমান থাকিব যিহেতু এপ্ৰিল মাহত আপোনাৰ লগ্ন প্ৰভূ বৃহস্পতি (22 এপ্ৰিল) আপোনাৰ পঞ্চম গৃহত প্ৰৱেশ কৰিব আৰু সকলো ত্ৰিকোণ গৃহত প্ৰভাৱ পেলাব, বিশেষকৈ আপোনাৰ পঞ্চম গৃহ (মেষ ৰাশি) আৰু নৱম গৃহ(সিংহ ৰাশি)ত। ইয়াৰ কাৰণ হৈছে শনিয়েও এইবোৰ গৃহত তৃতীয় আৰু সপ্তম দিশৰ পৰা প্ৰভাৱ বিস্তাৰ কৰিব। সেয়েহে দীৰ্ঘদিন ধৰি সন্তান প্ৰাপ্তিৰ বাবে চেষ্টা কৰি থকা ধনু ৰাশিৰ জাতকসকলে এই বছৰতে সন্তানৰ লাভৰ আশীৰ্বাদ প্ৰাপ্ত কৰাৰ লগতে সৌভাগ্য আৰু সমৃদ্ধি লাভ কৰিব পাৰে।

ধনু ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে এই বছৰটো অতি ফলপ্ৰসূ। যদি আপুনি আপোনাৰ স্নাতকোত্তৰ আৰু উচ্চ শিক্ষাৰ বাবে নাম ভৰ্তি কৰিবলৈ আৰু বিদেশলৈ ভ্ৰমণ কৰিবলৈ ইচ্ছুক তেনেহ'লে এয়া সেই সকলোবোৰৰ বাবে এক অনুকূল সময়। ধনু ৰাশিৰ জাতকসকলে প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত এই বছৰ এক অসাধাৰণ সময় লাভৰ আশা কৰিব পাৰে। আপুনি সহানুভূতিশীল, মৰমীয়াল আৰু যত্নশীল হোৱা উচিত। যদিহে আপুনি অবিবাহিত তেন্তে আপুনি প্ৰেমৰ সম্পৰ্কত সোমাই পৰিব পাৰে। বিবাহিত ধনু ৰাশিৰ লোকসকলে এক মনোৰম সময় উপভোগ কৰিব পাৰিব।

ধনু 2023 বাৰ্ষিক ৰাশিফল (Dhanu 2023 Barshik Rashifal) - ৰ মতে কেৰিয়াৰৰ ক্ষেত্ৰত ধনু ৰাশিৰ নিযুক্তি প্ৰাপ্ত লোকসকলে ভাল প্ৰদৰ্শন কৰিব আৰু তেওঁলোকে ভাল বিত্তীয় পুৰষ্কাৰো লাভ কৰিব। বিশেষকৈ পৰামৰ্শ দিয়া আৰু আনক সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত জড়িত হৈ থকা লোকসকল যেনে শিক্ষক, মেণ্টৰ, বিবাহ বা কেৰিয়াৰ পৰামৰ্শদাতা ইত্যাদিয়ে তেওঁলোকৰ পেছাদাৰী জীৱনত বিকাশ লাভ কৰিব। ধনু ৰাশিৰ জাতকসকল বহুতো গুৰুত্বপূৰ্ণ আৰু প্ৰভাৱশালী লোকৰ সংস্পৰ্শলৈ আহিব আৰু ই তেওঁলোকক প্ৰত্যক্ষ বা পৰোক্ষভাৱে লাভান্বিত কৰিব।

পৰিয়ালৰ কিছুমান শুভ অনুষ্ঠানৰ বাবে ব্যয় হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এইটো এটা সাধাৰণ বছৰ, কিন্তু যিহেতু বৃহস্পতিয়ে আপোনাৰ লগ্নক প্ৰভাৱিত কৰিছে সেয়েহে ভৱিষ্যতে শৰীৰৰ ওজন বৃদ্ধি হোৱাৰ যথেষ্ট সম্ভাৱনা আছে যি ভৱিষ্যতে ক্ষতিকাৰক হ'ব পাৰে। সেয়েহে আপুনি যোগাভ্যাসৰ দৰে কিছুমান পৰম্পৰাগত শাৰীৰিক কাৰ্যকলাপত লিপ্ত হৈ থকা উচিত। ই আপোনাক আপোনাৰ ওজন নিয়ন্ত্ৰণ কৰাত আৰু শৰীৰৰ এক ভাল পৰিৱৰ্তন অনাত সহায় কৰিব। ধনু 2023 বাৰ্ষিক ৰাশিফল(Dhanu 2023 Barshik Rashifal)-য়ে কয় যে সামগ্ৰিকভাৱে এই বৰ্ষটো আপোনাৰ বাবে এক শুভ বছৰ। আনক সহায় কৰাৰ মনোভাৱ পোষণ কৰা উচিত আৰু নিয়মিতভাৱে আপোনাৰ গুৰু আৰু পিতৃৰ আশীৰ্বাদ লোৱা উচিত।

বিস্তৃতভাৱে পঢ়ক: Read Dhanu 2023 Barshik Rashifal

মকৰ

মকৰ 2023 বাৰ্ষিক ৰাশিফল (Makar 2023 Barshik Rashifal) অনুসৰি শনিৰ প্ৰভাৱ অৱশেষত আপোনাৰ তুঙ্গীৰপৰা দূৰ হ’ব। যোৱা এবছৰ ধৰি ই আপোনাৰ দ্বিতীয় গৃহ (কুম্ভ ৰাশি) আৰু আপোনাৰ প্ৰথম গৃহ (মকৰ ৰাশি)ৰ মাজত দোদুল্যমান অৱস্থানত আছিল। কিন্তু এতিয়া শনি অৱশেষত আপোনাৰ দ্বিতীয় গৃহলৈ স্থানান্তৰিত হৈছে। সেয়েহে, বছৰটোৰ আৰম্ভণিতে আপুনি বিত্তীয় লাভ প্ৰাপ্ত কৰিব পাৰে আৰু আপোনাৰ আৱদ্ধ হৈ থকা ধন পুনৰুদ্ধাৰ কৰিব পাৰে। কিন্তু এপ্ৰিল মাহৰ পিছত যেতিয়া বৃহস্পতিয়ে আপোনাৰ চতুৰ্থ গৃহত প্ৰৱেশ কৰিব আৰু আপোনাৰ চতুৰ্থ আৰু অষ্টম গৃহ সক্ৰিয় হ'ব, তেতিয়া আপুনি আপোনাৰ জীৱনত আকস্মিক সমস্যা আৰু বাধাৰ সন্মুখীন হ'ব পাৰে। কিন্তু মকৰ ৰাশিৰ জাতকসকলৰ বাবে চতুৰ্থ গৃহৰ লগত জড়িত বিষয়বোৰৰ বাবে এয়া এক ভাল সময়। গতিকে যদি আপুনি এটা নতুন ঘৰ ক্ৰয় কৰিব বিচাৰে বা বৰ্তমানৰ ঘৰটো সম্প্ৰসাৰিত আৰু পুনৰ নিৰ্মাণ কৰিব বিচাৰে অথবা নতুন গাড়ী বা যিকোনো বাহন ক্ৰয় কৰাৰ পৰিকল্পনা কৰি আছে তেন্তে তাৰ বাবে এইটো এক অতি আশাব্যঞ্জক বছৰ।

প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আপুনি দীৰ্ঘদিন ধৰি অনুভৱ কৰি থকা চাপৰ পৰা সকাহ লাভ কৰিব পাৰে। আপুনি এই বছৰ আপোনাৰ সঙ্গীৰ সৈতে কিছুমান মনোৰম মুহূৰ্ত কটাবলৈ সক্ষম হ'ব। কিন্তু আপোনাৰ কথা-বাৰ্ত্তাৰ প্ৰতি মনোযোগ দিয়ক কিয়নো অভব্য আচৰণ আৰু কঠোৰ মন্তব্যই আপোনাক সমস্যাত পেলাব পাৰে।

মকৰ 2023 বাৰ্ষিক ৰাশিফল (Makar 2023 Barshik Rashifal) - য়ে প্ৰকাশ কৰে যে কেৰিয়াৰৰ ক্ষেত্ৰত মকৰ ৰাশিৰ জাতকসকলৰ ভিতৰত ফ্ৰেচাৰসকলৰ পেছাদাৰী জীৱনৰ এক ভাল আৰম্ভণি হ'ব। আপুনি কেৰিয়াৰত সন্মুখীন হোৱা স্থবিৰতা এই বৰ্ষত ভংগ হ'ব আৰু আপুনি আপোনাৰ কেৰিয়াৰত আকস্মিক বিকাশ লাভ কৰিব পাৰে। আপোনাৰ কিছুমান বিৰোধীয়ে আপোনাৰ ক্ষতি কৰিবলৈ ইচ্ছুক হৈ থাকিব পাৰে কিন্তু তেওঁলোকে আপোনাৰ একো ক্ষতি কৰিব নোৱাৰিব। আনকি যদিহে আপুনি বৃত্তি সলনি কৰাৰ আৰু যিকোনো সৃষ্টিশীল ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ আকাংক্ষা পুহি ৰাখিছে তেন্তে আপুনি এই বছৰ সেই সুযোগটো গ্ৰহণ কৰিব পাৰে।

আপোনাৰ স্বাস্থ্যৰ বিষয়ে ক'বলৈ গ'লে, যিহেতু আপোনাৰ অষ্টম গৃহ সক্ৰিয় হৈ উঠিছে, আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি যথেষ্ট সচেতন হ'ব লাগিব। অস্বাস্থ্যকৰ খাদ্য আৰু পানীয় সেৱন নকৰিব, নিয়মীয়া ব্যায়াম কৰিব আৰু পৰিচ্ছন্নতা বজাই ৰাখিব, আৰু সুৰক্ষিতভাৱে গাড়ী চলাব। মকৰ 2023 বাৰ্ষিক ৰাশিফল (Makar 2023 Barshik Rashifal) অনুসৰি সামগ্ৰিকভাৱে আপোনাক নিজ মাতৃৰ আশীৰ্বাদ ল'বলৈ আৰু তেওঁৰ অতিৰিক্ত যত্ন ল'বলৈ আৰু শ্ৰম দান কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

বিস্তৃতভাৱে পঢ়ক: Read Makar 2023 Barshik Rashifal

কুম্ভ

কুম্ভ 2023 বাৰ্ষিক ৰাশিফল (Kumbha 2023 Barshik Rashifal) - য়ে ভৱিষ্যতবাণী কৰে যে কুম্ভ ৰাশিৰ জাতকসকলৰ বাবে লগ্ন প্ৰভু হৈছে শনি আৰু এতিয়া ই অৱশেষত তেওঁলোকৰ তুঙ্গীত স্থিত হৈছে। যোৱা এবছৰৰ পৰা ই আপোনাৰ দ্বাদশ গৃহ আৰু প্ৰথম গৃহত দোতুল্যমান হৈ আছিল। সেয়েহে আপোনাৰ প্ৰথম গৃহত শনিৰ প্ৰৱেশৰ লগে লগে আপুনি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত বাস্তৱৰ সম্মুখীন হ’ব লাগিব। যদি আপুনি দীৰ্ঘদিন ধৰি নিজকে উপেক্ষা কৰি আছে তেনেহ’লে এইখিনি সময়ত আপুনি নিজৰ যত্ন ল'ব লাগিব। আপোনাৰ শৰীৰৰ সকলোবোৰ পৰীক্ষা সম্পন্ন কৰাওক আৰু জীৱনৰ সকলো দিশতে নিজৰ বিষয়ে চিন্তা কৰা আৰম্ভ কৰক। নিজকে সকলোতকৈ আগতে স্থান দিবলৈ চেষ্টা কৰক।

কুম্ভ 2023 বাৰ্ষিক ৰাশিফল(Kumbha 2023 Barshik Rashifal) -ৰ মতে এপ্ৰিল মাহত মেষ ৰাশিত বৃহস্পতি গ্ৰহৰ পৰিবহনৰ লগে লগে আপোনাৰ তৃতীয় গৃহ আৰু সপ্তম গৃহ সক্ৰিয় হ'ব। সেয়েহে কুম্ভ ৰাশিৰ জাতকসকলৰ যদি কাৰোবাৰ প্ৰতি প্ৰেমৰ অনুভৱ আছে কিন্তু নিজস্ব অনুভূতি প্ৰকাশ কৰাৰ আৰু সেই ব্যক্তিজনক প্ৰস্তাৱ দিয়াৰ সাহস নাই তেন্তে এপ্ৰিল মাহৰ পিছৰ সময়খিনি তাৰ বাবে অতি অনুকূল হ'ব আৰু আপুনি মনৰ অনুভূতি প্ৰকাশ কৰিবলৈ সক্ষম হ'ব। বছৰটোৰ শেষৰ ফালে আপুনি ভাল পোৱা ব্যক্তিজনৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ সম্ভাৱনা আছে।

কুম্ভ ৰাশিৰ জাতকসকলে এই বছৰ আত্ম বিকাশৰ বাবে পৰ্যাপ্ত সুযোগ লাভ কৰিব আৰু আত্ম বিকাশৰ প্ৰক্ৰিয়াত কিছুমান দক্ষতাৰ বিকাশ হ'ব পাৰে যেনে যোগাযোগ দক্ষতাৰ উন্নতি, সমৰ কলা বা ৰন্ধন কলাৰ দৰে হস্তকলাৰ সৈতে সম্পৰ্কিত আপোনাৰ ৰুচিবোৰৰ অনুশীলন আৰু আপুনি আনকি শিকণক পৰৱৰ্তী স্তৰলৈ লৈ যাব পাৰে আৰু ইয়াক পেছাদাৰীভাৱে অনুসৰণ কৰিবলৈ চেষ্টা কৰিব পাৰে।

কেৰিয়াৰৰ ক্ষেত্ৰত এই বছৰটো চাহিদাপূৰ্ণ বছৰ। আপুনি যথেষ্ট পৰিশ্ৰম কৰিবলগীয়া হ'ব পাৰে আৰু আপোনাৰ প্ৰচেষ্টা অনুসৰি ফলাফল লাভ নকৰিব পাৰে আৰু ফলাফল লাভত পলম হোৱাৰ বাবে আপুনি হতাশ কৰিব পাৰে। যদি আপুনি বৃত্তিত কিছু পৰিৱৰ্তন বিচাৰি আছে তেনেহ'লে তাৰ বাবে এয়া ভাল সময় নহয়। ইয়াক কিছু সময়ৰ বাবে পিছুৱাবৰ বাবে চেষ্টা কৰক। আনকি নতুন ব্যৱসায় আৰম্ভ কৰিব বিচৰা ব্যৱসায়ৰ মালিকসকলেও পিছুওৱা উচিত আৰু তেওঁলোকে কোনো ডাঙৰ বিনিয়োগ কৰাটো পৰিহাৰ কৰা উচিত। শনি দেৱতাৰ উপাসনা কৰক আৰু আপোনাৰ সেৱকসকলক সন্মান কৰাৰ লগতে দৰিদ্ৰ লোকসকলক সহায় কৰক।

বিস্তৃতভাৱে পঢ়ক: Read Kumbha 2023 Barshik Rashifal

মীন

মীন 2023 বাৰ্ষিক ৰাশিফল (Meen 2023 Barshik Rashifal) অনুসৰি এই বছৰটোৱে মীন ৰাশিৰ জাতকসকলক মিশ্ৰিত ফলাফল প্ৰদান কৰিব কিয়নো এপ্ৰিল মাহত আপোনাৰ দ্বিতীয় গৃহত বৃহস্পতি গ্ৰহৰ পৰিবহনৰ লগে লগে আপোনাৰ দ্বিতীয় গৃহ (মেষ ৰাশি) আৰু ষষ্ঠ গৃহ (সিংহ ৰাশি) সক্ৰিয় হ'ব। গতিকে যদি আপুনি ঐতিহ্যমূলক সম্পত্তি বা আন যিকোনো বিষয়ৰ সৈতে সম্পৰ্কিত পাৰিবাৰিক বিবাদৰ মাজেৰে গৈ আছে তেনেহলে আপোনাৰ পক্ষত মীমাংসা হোৱাৰ যোগ আছে আৰু আপুনি ইয়াৰ পৰা লাভান্বিত হ'ব পাৰে। .

মীন 2023 বাৰ্ষিক ৰাশিফল(Meen 2023 Barshik Rashifal) অনুসৰি মীন ৰাশিৰ জাতকসকলে শনি অৱশেষত আপোনাৰ প্ৰথম গৃহৰপৰা দ্বাদশ স্থানত অৱস্থিত হ’ব আৰু অক্টোবৰৰ শেষত ৰাহুও আপোনাৰ ৰাশিত প্ৰৱেশ কৰিব। ইয়াৰ ফলত আপুনি পছন্দ নোহোৱা পৰিৱৰ্তনৰ সন্মুখীন হ'ব কিন্তু আপুনি সময়ৰ সৈতে খাপ খাবলৈ আৰু নতুন চিন্তা প্ৰক্ৰিয়াৰ সৈতে খাপ খাবলৈ চেষ্টা কৰাটো ভাল হ’ব। এই বছৰ আপুনি আপোনাৰ স্বাস্থ্যৰ বিষয়েও সচেতন হোৱাটো প্ৰয়োজন। দ্বিতীয় গৃহত বৃহস্পতিৰ স্থানে দেখুৱায় যে আপোনাৰ অত্যাধিক তেলযুক্ত আৰু মিঠা খাদ্য খোৱাৰ অভ্যাস আৰম্ভ হ’ব পাৰে যাৰ ফলত মেদবহুলতা, ওজন বৃদ্ধি, হজমৰ সমস্যা, যকৃতৰ সমস্যা আদি আৰম্ভ হ'ব পাৰে।

আপোনাৰ প্ৰেম আৰু বিবাহিত জীৱনৰ বিষয়ে ক'ব পাৰি যে নৱবিবাহিত লোকসকলে এই বছৰ তেওঁলোকৰ পাৰিবাৰিক জীৱনত কিছু চাপৰ সন্মুখীন হ'ব পাৰে। বিশেষকৈ অক্টোবৰ মাহৰ পিছত কিছু ভুল বুজাবুজি হ'ব পাৰে। সেয়েহে আপোনাৰ ক্ৰোধ কমাওক আৰু বুদ্ধিমত্তাৰ সৈতে কাম কৰক।

মীন 2023 বাৰ্ষিক ৰাশিফল(Meen 2023 Barshik Rashifal)-ৰ মতে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি থকা মীন ৰাশিৰ শিক্ষাৰ্থীসকলে এইবাৰ সফলতা প্ৰাপ্ত কৰাৰ ভাল যোগ আছে কিন্তু তেওঁলোকে এই সময়ত মনোনিৱেশ কৰি থাকিবৰ বাবে অধিক পৰিশ্ৰম কৰিব লাগিব। কিয়নো আৱেগিক স্তৰৰ বিভ্ৰান্তিয়ে তেওঁলোকক লক্ষ্যৰ পৰা বিচলিত কৰিব পাৰে। সাধাৰণভাৱে আপোনাক ধ্যান কৰিবলৈ আৰু শিৱলিংগত দৈনিক গাখীৰ দিবলৈ পৰামৰ্শ দিয়া হয়।

বিস্তৃতভাৱে পঢ়ক: Read Meen 2023 Barshik Rashifal

উচ্চ মানদণ্ডৰ ৰত্ন, যন্ত্ৰ, জ্যোতিষ সেৱা অনলাইনত ক্ৰয় কৰক: ইয়াত ক্লিক কৰক

আমি আশা কৰোঁ যে আপুনি এই প্ৰৱন্ধত প্ৰদান কৰা তথ্যসমূহ ভাল পাব। এষ্ট্ৰোকেম্পৰ সৈতে সংযুক্ত হৈ থকাৰ বাবে আপোনাক ধন্যবাদ।

More from the section: Horoscope 3471
Buy Today
Gemstones
Get gemstones Best quality gemstones with assurance of AstroCAMP.com More
Yantras
Get yantras Take advantage of Yantra with assurance of AstroCAMP.com More
Navagrah Yantras
Get Navagrah Yantras Yantra to pacify planets and have a happy life .. get from AstroCAMP.com More
Rudraksha
Get rudraksha Best quality Rudraksh with assurance of AstroCAMP.com More
Today's Horoscope

Get your personalised horoscope based on your sign.

Select your Sign
Free Personalized Horoscope 2023
© Copyright 2024 AstroCAMP.com All Rights Reserved